হঠাৎ অন্ধ্ৰপ্ৰদেশত বৃদ্ধি পাইছে গাধৰ মাংসৰ চাহিদা

vet articles Equine Donkey Grazing credit villagelinca cc2.0

গাধৰ মাংস খালে হেনো হাঁপানি আৰু কঁকালৰ বিষ উপশম হয় । ইয়াৰ সমান্তৰালকৈ যৌন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো এই মাংসৰ বিকল্প পোৱা কঠিন । এনে ‘ভ্ৰান্ত’ ধাৰণাৰ বশৱৰ্তী হৈয়েই সম্প্ৰতি অন্ধ্ৰপ্ৰদেশত হঠাৎ দ্ৰুত গতিৰে বৃদ্ধি পাইছে গাধৰ মাংসৰ চাহিদা ।

সূত্ৰৰ খবৰ অনুসৰি, প্ৰতি কেজি গাধৰ মাংস বিক্ৰী হৈছে ছশ টকাত । প্ৰকাশম, কৃষ্ণা, পশ্চিম গোদাবৰী আৰু গুণ্টুৰ জিলাত এই পশুৰ মাংসৰ চাহিদা ব্যাপক ৰূপত বৃদ্ধি পাইছে । বিক্ৰীও হৈছে যিকোনো স্থানতে । এই অঞ্চলসমূহৰ মানুহৰ মাজত বিশ্বাস জন্মিছে যে গাধৰ মাংস খালে শ্বাস-প্ৰশ্বাসৰ কষ্ট, হাঁপানি, বিষ-বেদনা আদি শীঘ্ৰে দূৰ হয় । বহুতে আকৌ বিশ্বাস কৰে যে গাধৰ মাংসই যৌন ক্ষমতা বৃদ্ধিতো সহায় কৰে ।

মাংসৰ চাহিদা দ্ৰুতগতিৰে বৃদ্ধি পাবলৈ ধৰাত কৰ্ণাটক, তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ গাধৰ চোৰাং সৰবৰাহৰ মাত্ৰাও বাঢ়িছে বুলিও অভিযোগ উঠিছে । এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্য প্ৰশাসনো যথেষ্ট সতৰ্ক হৈছে ।

উল্লেখ্য যে ৰাজ্যখনত গাধৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰাত এই পশু নিধন ৰোধ কৰাৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছিল । তৎস্বত্তেও চোৰাংকৈ গাধৰ মাংসৰ বিক্ৰী অব্যাহত আছিল ।

সম্প্ৰতি কৃষ্ণা, প্ৰকাশম, পশ্চিম গোদাবৰী আৰু গুণ্টুৰত গাধৰ মাংসৰ চাহিদা অত্যধিকৰূপে বৃদ্ধি পোৱাত বিষয়টো ৰাজ্য প্ৰশাসনৰ দৃষ্টিগোচৰ হয় । আনহাতে, পশুপ্ৰেমীসকলেও গাধ নিধনৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ মতে, গাধৰ মাংসৰ বেছি চাহিদা আছে ষ্টুৱাৰ্টপুৰম আৰু প্ৰকাশম জিলাত । যি অঞ্চল এটা সময়ত চোৰাং ব্যৱসায়ীৰ স্বৰ্গ আছিল ।

সেই সময়ত এই অঞ্চলসমূহৰ চোৰাং সৰবৰাহকাৰীসকলে বিশ্বাস কৰিছিল যে গাধৰ তেজ পান কৰিলে অতি বেগত দৌৰিব পৰা ক্ষমতাৰ অধিকাৰী হ’ব পাৰি । সময় বাগৰাৰ লগে লগে সেই বিশ্বাসো ক্ৰমাৎ ম্লান হৈ পৰিছিল । কিন্তু এতিয়া গাধৰ মাংসক লৈ নতুন অন্ধবিশ্বাসে প্ৰশাসনক চিন্তিত কৰি তুলিছে ।

Exit mobile version