কৰ’না জয়ী সুস্থ ৰােগীয়ে কিনিব নােৱাৰিব বীমা !

How is Corona impacting the insurance industry

আপুনি বাৰু কৰ’না জয়ী নেকি ? মাৰাত্মক ভাইৰাছবিধৰ লগত সাহসেৰে যুঁজ দি জীৱনৰ এক কঠিন পৰিক্ৰমা পাৰ কৰা বাবে আপােনাক প্রথমেই জনাব লাগিব অভিনন্দন। কিন্তু তাৰ মাজতে আপােনাৰ বাবে আন এক গুৰুত্বপূর্ণ খবৰেও অপেক্ষা কৰি আছে। ইতিমধ্যে প্রমাণিত হৈছে যে কৰ’না সংক্রমণৰ পৰা সুস্থ হৈ উঠাৰ পাছতাে প্রতিৰােধ ক্ষমতা কম থকা ব্যক্তিৰ কেতবােৰ শাৰীৰিক সমস্যা থাকি যায় বা হঠাৎ গা কৰি উঠে।

এই ধৰণৰ ব্যক্তিক বীমা সংস্থাসমূহে কিছুমান বিশেষ চর্ত সাপেক্ষেহে জীৱন বীমা আঁচনি বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে সম্প্রতি। বিভিন্ন বীমা সংস্থাই শেহতীয়াকৈ কৰ’না সংক্রান্তীয় এনে কেতবােৰ নতুন আৰু বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে।

যি নিয়ম অনুসৰি, কৰ’না জয়ী যিসকলে নানা ধৰণৰ শাৰীৰিক সমস্যা ভুগি আছে বা এনে সমস্যাত আক্রান্ত হােৱাৰ আশংকা কৰিছে তেওঁলােকে অতি কমেও তিনিমাহৰ বাবে কোনাে ধৰণৰ জীৱন বীমা পলিচী ক্রয় কৰিব নােৱাৰিব। অন্ততঃ তিনি মাহ অপেক্ষা কৰাৰ পাছতহে বীমা সংস্থাসমূহে এনে গ্রাহকক জীৱন বীমা বিক্ৰীৰ বাবে যােগ্য বুলি বিবেচনা কৰিব।

প্রসংগক্রমে উনুকিয়াব পাৰি, সচৰাচৰ যিকোনাে এখন জীৱন বীমা পলিচী ক্রয় কৰাৰ পূর্বে বিভিন্ন ধৰণৰ শাৰীৰিক পৰীক্ষা কৰাবলগীয়া হয় সম্ভাব্য ক্রেতাগৰাকীয়ে। কিমান মূল্যৰ পলিচী কিনা হ’ব, সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে শাৰীৰিক পৰীক্ষাৰ ৰিপ’ৰ্টৰ ওপৰত। ইতিমধ্যে কেবাটাও বেচৰকাৰী বীমা সংস্থাই এই ধৰণৰ নিয়ম প্রণয়ন কৰিছে যাৰ ভিতৰত আছে এক্সাইড লাইফ ইঞ্চুৰেঞ্চৰ দৰে আগশাৰীৰ সংস্থাও।

এই সংস্থাটোৱে তিনি মাহৰ ৱেইটিং পিৰিয়ড’ নির্ধাৰণ কৰিছে কৰ’না জয়ী ব্যক্তিসকলক বীমা পলিচী বিক্ৰী কৰাৰ ক্ষেত্ৰত। তদুপৰি কৰ’না পৰৱর্তী ৰিপ’ৰ্ট নতুন জীৱন বীমা কিনাৰ অন্যতম মাপকাঠি হ’ব বুলিও ঘােষণা কৰিছে এই সংস্থাটোৱে।

আন এক মন কৰিবলগীয়া কথা যে কৰ’না ৰােগীসকলৰ ক্ষেত্ৰত শাৰীৰিক পৰীক্ষাৰ তালিকা পূর্বৰ তুলনাত দীঘলীয়া হ’ব এতিয়াৰে পৰা।কৰ’না জয় কৰাৰ তিনি মাহলৈ যদি ৰােগীৰ কোনাে ধৰণৰ শাৰীৰিক অৱনতি ঘটে তেতিয়াহে বীমা ক্ৰয় কৰাৰ পৰামর্শ দিছে বিভিন্ন জীৱন বীমা সংস্থাই।

স্মর্তব্য যে কেইমাহমান পূর্বে বীমা নিয়ন্ত্রক সংস্থা আইআৰডিএআইৰ তৰফৰ পৰা কৰ’না স্বাস্থ্য বীমা সংক্রান্তীয় এক নির্দেশনাৱলী প্ৰকাশ কৰা হৈছিল, য’ত কৰ’না আক্রান্তসকলৰ চিকিৎসাৰ খৰচক বীমাৰ আওতালৈ অনাৰ বাবে বীমা সংস্থাসমূহক ম্যাদৰ কেতবােৰ পলিচী বজাৰলৈ অনাৰ বাবে কোৱা হৈছিল।

তাৰ পাছতেই বিএমৱাৰ্ছমেণ্টৰ ওপৰত নিৰ্ভৰশীল পলিচীসমূহক ষ্টেণ্ডার্ড ক’ভিড-১৯ প্রডাক্ট হিচাপে বজাৰত মুকলি কৰা হৈছিল। উল্লেখ্য যে এই ধৰণৰ ক’ভিড ষ্টেণ্ডার্ড হেন্থ পলিচীত ৩.৫ আৰু ৬.৫ মাহৰ ম্যাদ ৰখা হয়। ইয়াৰ বাদেও থাকে ৯.৫ মাহৰ ম্যাদে। বীমা ক্রয় কৰাৰ পাছত গ্রাহকে চিকিৎসালয়ৰ সম্পূর্ণ খৰচ এই বীমাৰ আওতাত লাভ কৰিব পাৰে।

এই পলিচীৰ প্রিমিয়াম গােটেই দেশতে একেই পৰিমাণৰ । অর্থাৎ অন্যান্য বীমা আঁচনিৰ দৰে ৰাজ্যভিত্তিক পৃথক পলিচী প্রিমিয়াম নির্ধাৰণ কৰা হােৱা নাই এই পর্যন্ত। এই বীমাৰ আওতাত সর্বনিম্ন ৫০ হেজাৰ টকাৰ পৰা সর্বোচ্চ পাঁচ লক্ষ টকালৈ পলিচী ক্ৰয় কৰিব পাৰি।

Exit mobile version