মাত্র ৫৩ হেজাৰ টকাত বাজাজৰ নতুন বাইক

platina 1005f058f6d23eae

বজাৰলৈ আহিল বাজাজ প্লেটিনা ১০০ৰ নতুন সংস্কৰণ। বাজাজ অট’ নামৰ সংস্থাটোৰ সদ্য মুক্তিপ্রাপ্ত এই দুচকীয়া ১০২ চিচিৰ বাইকখনত আছে ইলেকট্রিক ষ্টাৰ্টৰ সুবিধা। বাহনখনৰ দাম নির্ধাৰণ কৰা হৈছে ৫৩.৯২০ টকা। চালকৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি এই বাইকত উন্নত স্প্রিং প্রযুক্তিৰ ব্যৱহাৰ কৰা হৈছে।

ADVERTISEMENT

ইয়াৰ ফলত বাইক চালকৰ লগতে পাছফালৰ আসনত বহি যােৱা যাত্রীয়েও আৰামত যাত্রা কৰিব পাৰিব।লগতে ইয়াত থকা টিউবলেচ টায়াৰৰ বাবে দুর্ঘটনাৰ আশংকাও বহুখিনি কমি যায় বুলি সংস্থাটোৱে দাবী কৰিছে। বাজাজ প্লেটিনা ১০০ৰ নতুন সংস্কৰণত আছে ।

১০২ চিচিৰ ৪-স্ট্রোক, ছিংগল চিলিণ্ডাৰযুক্ত ডিটিএছ-আই ইঞ্জিন যাৰ সর্বোচ্চ শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ৭.৯ পি এছ আৰু ৮.৩ এন এম। উল্লেখ্য যে এক লিটাৰ পেট্র’লত ৭৫ ৰ পৰা ৯০ কিলােমিটাৰ পর্যন্ত মাইলেজ আগবঢ়াব বাহনখনে।

Exit mobile version