মাৰুতি ছুইফটৰ নতুন সংস্কৰণ মুকলি

20180123124138 Swift BLUE

দীর্ঘদিন ধৰি দেশৰ যাত্রীবাহী গাড়ীৰ বজাৰখনৰ শীর্ষ স্থান দখল কৰি থকা মাৰুতি ছুজুকী ইণ্ডিয়া নামৰ সংস্থাটোৱে ইয়াৰ বহুলভাৱে জনপ্রিয় আইকনিক মডেল ছুইফ্ৰক্টৰ এক নতুন সংস্কৰণ মুকলি কৰিছে শেহতীয়াকৈ। ছইফ্ৰক্টৰ এই নতুন ফেচলিষ্ট মডেলখনৰ দাম আৰম্ভ হৈছে ৫.৭৩ লাখ টকাৰ পৰা।

আনহাতে ইয়াৰ সর্বোচ্চ দাম ৮.৪১ লাখ টকা। নতুন ফেচলিক্ট মডেলখনৰ মূল। আকর্ষণ হৈছে।ইয়াৰ সন্মুখ ভাগত থকা ক্রোম স্ত্রীপসহ নতুন ক্রচ মেচ ফ্রন্ট গ্রিল। মুঠ পাঁচখন ভিন্ন ভেৰিয়েন্টত বজাৰত উপলব্ধ হ’ব ছুইটৰ এই বিশেষ সংস্কৰণ। গাড়ীখনত ১.২ লিটাৰৰ ডুৱেল জেট কে ১২ এন ইঞ্জিন ব্যৱহাৰ কৰা হৈছে।

এই ইঞ্জিনৰ সর্বোচ্চ শক্তি উৎপাদন ক্ষমতা ৯০ পি এছ আৰু টর্ক ১১৩ এন এম। উল্লেখ্য যে, পেট্রল-এমটি ভেৰিয়েণ্টৰ বাহনখনে ২৩.৭৬ কিলােমিটাৰ পর্যন্ত মাইলেজ দিব বুলি দাবী কৰিছে সংস্থাটোৱে।

Exit mobile version