ৰাজ্যিক বিজেপি, অসম গণ পৰিষদ, ইউপিপিএলৰ সভাপতিৰ যৌথ সংবাদমেল

সুস্থ আৰু উন্নত অসম গঢ়ি উঠাৰ স্বাৰ্থত তিনিওটা দলৰ কাৰ্যকৰ্তাক ঐক্যবদ্ধভাৱে কাম কৰি যােৱাৰ আহ্বান তিনি দলৰ সভাপতিৰ

WhatsApp Image 2021 03 07 at 3.44.27 PM

২০২১ বিজেপি অসম প্রদেশৰ খানাপাৰাস্থিত নিবার্চনী সংবাদ কোষৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্রমােদ বড়াে ডাঙৰীয়াই আজি এক যুটীয়া সংবাদমেল সম্বােধন কৰে ।

সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই কয় যে অসমৰ ৰাইজৰ আর্শীবাদৰ লগতে ভাৰতীয় জনতা পার্টি, অগপ আৰু ইউ পি পি এল দলৰ কার্যকর্তা সকলৰ সক্রিয়তা তথা মাননীয় মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালদেৱৰ নেতৃত্বত পৰিচালিত হােৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ সফলতাৰ আধাৰত অসমত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব।

চৰকাৰৰ সফলতাৰ সন্দৰ্ভত মন্তব্য প্রদান কৰি সভাপতিগৰাকীয়ে কয় যে পূর্বৰ চৰকাৰৰ ৬০ বছৰীয়া শাসনৰ বিফলতাসমূহ আঁতৰাই ৰাজ্যিক বিজেপিৰ চৰকাৰখনে বহু কম সময়ৰ ভিতৰত অসমৰ শিক্ষা, স্বাস্থ্য, পথ, আন্ত-গাঁথনি ব্যৱস্থাকে আদি কৰি সকলাে দিশতে সর্বাংগীন উন্নতি ঘটাবলৈ সক্ষম হৈছে।

সমাগত নির্বাচনত বিজেপি + =১০০ + লক্ষ্যত উপনীত হ’বলৈ হ’লে ৰাজ্যিক বিজেপিয়ে মিত্রজোটক এৰি দিয়া আসন সমূহতাে জয়ী লাভ কৰিব লাগিব। মিত্রদল হিচাপে অসম গণ পৰিষদ, ইউ পি পি এলক এৰি দিয়া আসনসমূহত জয়ী হােৱাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সকলাে কার্যকর্তাক সহায় আগবঢ়াবলৈ সংবাদমেল যােগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আহ্বান জনায়।

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত মত প্রদান কৰি কয় যে, ৰাইজে আশা কৰা ধৰণেই বিজেপি, অসম গণ পৰিষদ, ইউপিপিএল দলৰ মাজত বুজাবুজি হৈছে । ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যত, কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটক বৃহৎ ব্যৱধানত পৰাজিত কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত পুনৰ এবাৰ ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম আৰু ৰাইজৰ সহযােগত মিত্রজোর্টে নিশ্চিতভাৱে ভবা দৰেই নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিব বুলি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই দৃঢ়তা প্রকাশ কৰে ।

সংবাদমেলখনত ইউপিপিএলৰ সভাপতি প্রমােদ বড়ােৱে ৰাজ্যিক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে পাঁচ বছৰত বড়ােলেণ্ড অঞ্চলৰ দীর্ঘদিনীয়া সমস্যাৰ সমাধান আৰু সশস্ত্র সংগ্রামীসকলক মূল পথলৈ ঘূৰাই আনি সংস্থাপন দিয়া তথা শান্তিৰ পৰিবেশ ঘূৰাই অনা, চিকিৎসা মহাবিদ্যালয়,ইঞ্জিনিয়াৰীং কলেজ স্থাপনকে আদি কৰি বিটিচিত শৈক্ষিক, অর্থনৈতিক, আন্ত-গার্থনিৰ উন্নতি ঘটাই এক সুস্থ পৰিবেশ গঢ়ি তুলিছে বুলি সদৰী কৰিছে ।

সমাজ নির্মাণৰ ক্ষেত্ৰত মিত্রজোট চৰকাৰৰ গ্ৰহণ কৰা এনে উল্লেখনীয় পদক্ষেপ প্রতি আকর্ষিত হৈয়ে ইউ পি পি এলে মিত্রজোটত অংশগ্রহণ কৰা বুলি প্রমােদ বড়োয়ে আজি সংবাদমেলত প্রকাশ কৰিছে।

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসকে আদি কৰি অগপ, ইউপিপিএল দলৰ সভাপতিদ্বয়ে এখন সুস্থ আৰু উন্নত অসম গঢ় লৈ উঠাৰ স্বাৰ্থত নিজ নিজ দলৰ সকলাে কার্যকর্তাক আগন্তুক বিধানসভা নির্বাচনত একত্রিতভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।

Exit mobile version