ধুবুৰীত নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ অব্যাহত

নিৰ্বাচন সু-পৰিচালনাৰ বাবে তৎপৰ জিলা নিৰ্বাচন বিষয়া

general elections 2019 e 660 041819094401

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ নিৰ্বাচন সুচাৰুৰূপে আৰু সুপৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ বাবে অব্যাহত আছে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ৷ ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ তত্বাৱধানত আৰম্ভ হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী ৷

প্ৰশিক্ষণ কোষৰ ন’ডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সদৰি কৰা মতে ২২ ফেব্ৰুৱাৰীত জ’নেল আৰু ছেক্টৰ বিষয়াসকলক প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ দিয়া হয় ৷ ৭৯ গৰাকী জ’নেল আৰু ছেক্টৰ বিষয়াক আন এটা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ’ব ৷

২১০৪ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম প’লিং বিষয়াৰ তিনিটা পৰ্যায়ৰ প্ৰশিক্ষণ ১০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ ২১০৪ গৰাকী দ্বিতীয় পোলিং আৰু তৃতীয় পোলিং বিষয়াৰ দুটা পৰ্যায়ৰ প্ৰশিক্ষণ ১৭ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ আনহাতে, ভোট গ্ৰহণৰ কামত নিয়োজিত হ’বলগীয়া প্ৰায় ১২০ গৰাকী মহিলা বিষয়া-কৰ্মচাৰীৰ বাবে অহা ১১ আৰু ১৯ মাৰ্চত সুকীয়া প্ৰশিক্ষণৰ দিহা কৰা হৈছে ৷ নিৰ্বাচন পৰিচালনাৰ বাবে গঠিত বিভিন্ন কোষৰ বিষয়া-কৰ্মচাৰীসকলৰো প্ৰশিক্ষণ অব্যাহত আছে ৷

মুঠ ৩১ টা পৰ্যায়ত নিৰ্বাচন জিলাখনৰ বিভিন্ন কেন্দ্ৰত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে ৷ প্ৰশিক্ষণৰ সময়ত ক’ভিড প্ৰট’কল অনুসৰি সামাজিক ব্যৱধানৰ লগতে অন্যান্য নিয়মবোৰ মানি চলা হৈছে ৷ আনহাতে, ৮০ বছৰৰ উৰ্দ্ধৰ লোক, ক’ভিড আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম ভোটাৰক ঘৰৰ পৰাই পোষ্টেল বেলটেৰে ভোট দিয়াৰ সুবিধা উপলব্ধ কৰোৱাৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে জনাইছে ৷

Exit mobile version