সাংবাদিক অভিদ্বীপ চৌধুৰীক সভাপতি, কুঞ্জ মোহন ৰায়ক সম্পাদক প্ৰধান হিচাপে লৈ জাফাৰ কেন্দ্ৰীয় সমিতি গঠন

7d350721 4571 47e0 a243 e6e01bed8276

সাত মাৰ্চত অনুষ্ঠিত হৈ যোৱা ‘জাৰ্ণেলিষ্ট এচ’চিয়েচন ফৰ আসাম’ চমুকৈ জাফাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভাত পূৰ্বৰ সমিতিখন ভংগ কৰি ২০২১-২৩ৰ বাবে নতুন সমিতিখন গঠন কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাপতিত্ব কৰে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লং সিং টেৰণে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে ৷

বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সদস্যসকলে বক্তব্য ৰখাৰ পাছতে সভাপতি লং সিং টেৰণে পূৰ্বৰ সমিতিখন ভংগ ঘোষণা কৰে৷ ইয়াৰ পাছতে জ্যেষ্ঠ সাংবাদিক বাবু ৰাভা হাকাচামৰ সভাপতিত্বত অনুষ্ঠিত হয় বিষয় বাচনি সভা ৷ উপস্থিত প্ৰতিনিধি সদস্যসকলে সৰ্বসন্মতভাৱে লং সিং টেৰণক মুখ্য উপদেষ্টা, বিশিষ্ট সাংবাদিক অমল গুপ্ত, নৰেণ হাজৰিকাক উপদেষ্টা, বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক অভিদ্বীপ চৌধুৰীক সভাপতি [নিউজ লাইভ], ক্ষেত্ৰীৰ জ্যেষ্ঠ সাংবাদিক পংকজ কুমাৰ ডেকাক কাৰ্যকৰী সভাপতি [দৈনিক অসম], গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক কুঞ্জ মোহন ৰায়ক সম্পাদক প্ৰধান [থেকাৰ] হিচাপে লৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰে ৷

সমিতিৰ অন্যান্য বিষয়ববীয়াসকল হ’ল ক্ৰমে – উপসভাপতি সুবিৰ দত্ত [দৈনিক যুগশঙ্খ, শিলচৰ], আফতাব আলী [ইউ বি ফটোজ, বঙাইগাঁও], অৰুণ শৰ্মা [দ্যা চেণ্টিনেল, ওডালগুৰি], দিগন্ত টেৰণ [কাৰ্বি আংলং লাইভ, ডিফু],  জয়ন্ত কাকতি [অসমীয়া প্ৰতিদিন, দৰং], বাবু ৰাভা হাকাচাম [গোৰেশ্বৰ, আমাৰ চিঞৰ]৷ মুখ্য সাংগঠনিক সম্পাদক – কুশল শইকীয়া [প্ৰাগ্‌ নিউজ, লখিমপুৰ], সাংগঠনিক সম্পাদক – আৰ্চাদ ৰহমান বৰা [সাংবাদিক বাৰ্তা, গুৱাহাটী], কৃষ্ণ বৰ্মন [নিয়মীয়া বাৰ্তা, কোকৰাঝাৰ], আৰুণ লকথে [কেট চেনেল, ডিফু], গৌতম কুমাৰ কাকতি [মুক্ত সাংবাদিক, মৰিগাঁও], প্ৰচাৰ সম্পাদক – চন্দন মালাকাৰ [সংবাদ লহৰ, সোণাপুৰ], হালিমা বেগম [ফৰ টিভি নিউজ, গুৱাহাটী] । কোষাধ্যক্ষ – এছ এন মহাৰাজ [পূৰ্বাঞ্চল প্ৰহৰী, গুৱাহাটী], কাৰ্যালয় সম্পাদক – দীপজ্যোতি ডেকা [ফাষ্টৰ্ নিউজ ৰিপ’ৰ্ট, গুৱাহাটী], কাৰ্যনিৰ্বাহক সদস্য বৃন্দ – কমল কৃষ্ণ ডেকা [নিউজ নেষ্ট, সোণাপুৰ], সাম্য ভৰদ্বাজ [আমাৰ অসম, গুৱাহাটী], ৰঞ্জিত ৰাজবংশী [প্ৰাগ নিউজ, গোৰেশ্বৰ], গোপাল চন্দ্ৰ ৰায় [মুক্ত সাংবাদিক, কোকৰাঝাৰ] ৷

বিষয় বাচনি সভাৰ পূৰ্বে লং সিং টেৰণক কামৰূপ মহানগৰ জিলা জাফা আৰু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন মানপত্ৰ, শৰাই, চেলেং, গামোচা, ফুলৰ থোপাৰে বিদায় সম্ভাষণ জনোৱা হয়৷ ইয়াকে লৈ বিষয় বাচনি সভাত এক আবেগ বিহ্বল পৰিস্থিতিৰো সৃষ্টি হয়৷

Exit mobile version