তামুলপুৰত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

বিপিএল গ্ৰাহকৰ এমাহৰ বিদ্যুত মাছুল আহিল ১০ ৰ পৰা ২০ হেজাৰ টকা

Screenshot 2021 03 09 18 34 28 31 2

শক্তি বিভাগৰ তামুলপুৰ উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ আজৱ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে একাংশ গ্ৰাহক । বিভাগটোৰ অধিনষ্ঠ নাগ্ৰিজুলীৰ কুম্ভীঝাৰ আৰু জয়পুৰ গাওঁৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা বিদ্যুতৰ গ্ৰাহক সকললৈ এমাহত বিদ্যুতৰ মাচুল ১০ ৰ পৰা ২২ হেজাৰ টকা পৰ্যন্ত বিদ্যৎৰ মাচুল প্ৰেৰণ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে বৃহত্তৰ নাগ্ৰিজূলী অঞ্চলত ৷

শেহতীয়াকৈ জয়পুৰ গাওঁৰ সম্ভূ বিশ্বাস নামৰ লোক জনলৈ ১৪,৮৯০ টকা, সুমিত্ৰা দাসৰ নামত ২২,০০০ হেজাৰ,অভি মণ্ডলৰ নামত ২৮ হেজাৰ,বিন্দু মণ্ডল- ২২,০০০ টকা তথা গাও খনৰ আন কে’বাজনো লোকৰ নামত অত্যাধিক টকাৰ বিদ্যুৎৰ বিল প্ৰেৰণ কৰাত পৰিয়াল কেইটাৰ মাজত হাহাকাৰ লাগে ৷ একেদৰে জয়পুৰ,মহেন্দ্ৰ নগৰ, ২ নম্বৰ ডোঙাৰ গাওঁৰ একাংশ গ্ৰাহকৰ নামতো অত্যাধিক বিদ্যুৎৰ বিল পপ্ৰেৰণ কৰাত বিভাগটোৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ৰাইজ ৷

শক্তি বিভাগৰ তামুলপুৰ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ নাগ্ৰীজুলি এনে বিদ্যুতৰ বিলে এতিয়া চকু কপালত তুলিছে অঞ্চলবাসীৰ ৷অঞ্চলটোৰ কোনোমতে দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি অহা একাংশ দৰিদ্ৰ পৰিয়াললৈ মাহেকত এনে ধৰনৰ বৃহৎ পৰিমানৰ বিদ্যুতৰ বিল অহাত ক্ষোভিত হৈ পৰিছে ৰাইজ।

যাৰ বাবে আজি হাতে হাতে বিদ্যুতৰ বিল লৈ পথলৈ ওলাই আহি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে হায় হায় ধ্বনিৰে প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় লোক সকল ৷ স্থানীয় ৰাইজৰ অভিযোগ প্ৰায় সংখ্যক পৰিয়ালতে অত্যাধিত বিদ্যুত খৰছ হোৱা টিভি,ফ্ৰিজ,ৱাচিং মেচিন,বৈদ্যুতিক মটৰ আদি নথকাৰ পাছতো কেনেদৰে একোটা মাহত ১০ৰ পৰা ২০ হাজাৰ টকাৰ বিল আহিছে ৷

আনহাতে বিভাগটোৰ পৰা অঞ্চলটোত নিয়মিত মিটাৰ ৰিদিং পৰীক্ষা নকৰে বুলিও অভিযোগ কৰে অঞ্চলটোৰ লোকে ৷ বিভাগটোৰ লোকক কি কাৰনত অত্যাধিক বিদ্যুতৰ বিল আহিছে সুধিলেও নিদিয়ে সঠিক উত্তৰ ৷অভিযোগ অনুসৰি অঞ্চলটোত দীর্ঘ দিনে মিটাৰ ৰিডিং চেক নকৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে নিজ ইচ্ছা মতে, ঘৰতে বিল প্ৰস্তুত কৰি অঞ্চলটোৰ লোকৰ হাতে হাতে দি যায়।

অঞ্চলটোৰ প্ৰতিজন লোকে প্ৰতি মাহে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ পিছতো ৰহস্যজনক ভাৱে হঠাৎ এটা মাহতে ২২ হেজাৰ টকা পৰ্যন্ত বিল অহাত আৰু বিদ্যুতৰ বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ কাটি দিম বুলি কোৱাত চিন্তিত হৈ পৰিছে পৰিছে দৰিদ্ৰ লোক সকল। তামুলপুৰ বিদ্যুৎ বিভাগৰ এনে মৈমতালি আৰু দায়িত্বহীন কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ দাবী শক্তি বিভাগে দক্ষ মিটাৰ ৰিদাৰৰ জড়িয়তে অঞ্চলটোৰ মিটাৰ সমুহ পৰীক্ষা কৰি প্ৰকৃত বিদ্যুতৰ বিল দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগটোৰ বিষয়া কৰ্মচাৰীক দাবী জনাইছে ৷

Exit mobile version