চীনৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ শিক্ষাদান নিষিদ্ধকৰণ প্ৰস্তাৱক লৈ দেশজুৰি ব্যাপক প্রতিক্রিয়া

2013 03 15 Xi Jinping

চীনৰ কমিউনিষ্ট চৰকাৰে দেশখনৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ শিক্ষাদান বন্ধ কৰিবলৈ যাে-জা চলাইছে। এই সন্দৰ্ভত ইতিমধ্যে চীন চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰামর্শদাতা সমিতিৰ এজন সদস্যই প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ইংৰাজীক মুখ্য বিষয়ৰ তালিকাৰ পৰা আঁতৰ কৰিবলৈ প্ৰস্তাৱ দিছে।

ADVERTISEMENT

অৱশ্যে বিদ্যালয়ত ইংৰাজী ভাষাক নিষিদ্ধ কৰাৰ এই প্রস্তাৱক লৈ দেশজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে। চীনৰ ২০০১ৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ইংৰাজী ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছিল। ফলত দেশখনত ইংৰাজী ভাষাৰ চৰ্চা আৰু গুৰুত্ব যথেষ্ট বৃদ্ধি পায়।

দেশখনৰ কমিউনিষ্ট চৰকাৰে ইংৰাজী ভাষাৰ এনে জনপ্রিয়তাক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই আৰু চীনৰ লােক ৰাজনৈতিক উপদেষ্টা সন্মিলনত ৰাষ্ট্ৰীয় সমিতিৰ সদস্য শ্বু ’ জিনে এই প্রস্তাৱ আগবঢ়াই কয় যে ইংৰাজী ভাষাক চীনা আৰু গণিতৰ দৰে মুখ্য বিষয় হিচাপে বিদ্যালয়ত প্ৰৱৰ্তন কৰাৰ প্ৰয়ােজন নাই। ইংৰাজী ভাষাৰ চৰ্চাৰ পৰিৱর্তে বিদ্যালয়ত শাৰীৰিক শিক্ষা, সংগীত আৰু অন্যান্য কলাৰ বিষয়ক অগ্রাধিকাৰ দিবলৈ জিনে পৰামর্শ দিয়ে।

Exit mobile version