★গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰটিন আদি প্ৰমুখ্যে ভালেমান পোষক দ্ৰব্য থকা বাবে আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।
★গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমক নিৰোগী কৰি ৰাখিব পাৰে।
★গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়,শক্তি পোৱা যায়।
★গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।
★ মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।
★গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘণ আৰু কলা হোৱাত সহায় কৰে।
★গাজীমগু খালে ছাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।