দক্ষিণ শালমাৰাত এআইইউডিএফৰ মোহভংগ

সমষ্টিটো কংগ্ৰেছক এৰি দিয়াক লৈ ক্ষুব্ধ সমষ্টিৰ একাংশ নেতা–কৰ্মী

download 1 1140x570 1

দক্ষিণ শালমাৰাৰ প্ৰতিজন দলীয় কৰ্মীয়ে দল ত্যাগ কৰি জিলাখনত এআইইউডিএফ শূন্য বুলি উল্লেখ কৰে। এআইইউডিএফৰ দক্ষিণ শালমাৰা জিলাৰ সাধাৰণ সম্পাদক (প্ৰশাসন) পদৰ পৰা সদ্য পদত্যাগী নুৰুল ইছলাম মোল্লাক সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত ক্ষুব্ধ কৰ্মীসকলৰ । ‌

উল্লেখ্য যে, কংগ্ৰেছ দলে সমষ্টিটোত পূৰ্বৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ–সভাপতি ৱাজেদ আলীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত এআইইউডিএফ দলৰ দক্ষিণ শালমাৰা জিলা কমিটীৰ সমূহ কাৰ্যকৰ্তাকে ধৰি সদস্যবৃন্দই সোমবাৰে সমূহীয়াভাৱে পদত্যাগ কৰে। জিলা কমিটীখনৰ সাধাৰণ সম্পাদক (প্ৰশাসন)ৰ দায়িত্বত থকা তথা সোমবাৰে পদত্যাগ কৰা নুৰুল ইছলাম মোল্লাক সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পদত্যাগী কৰ্মীসকলে।

আজি স্বয়ং মোল্লাই ধুবুৰীত এক সংবাদমেলযোগে এই কথা সদৰি কৰিছে । সংবাদমেলখনত মোল্লাই এইবাৰ সমষ্টিটোত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়তেই এআইইউডিএফ দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ২০২১ৰ বিধানসভা নিৰ্বাচনত দক্ষিণ শালামাৰাৰ পৰা সমষ্টিটোৰ স্থানীয় ব্যক্তিক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলিও উল্লেখ কৰে। বদৰুদ্দিন আজমলৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিতি আছিল নুৰুল ইছলাম মোল্লা ।

Exit mobile version