প্ৰেমিকে প্ৰতাৰণা কৰাৰ পাছতে প্ৰতিশোধ লোৱাৰ বাবে প্ৰতাৰিত প্ৰেমিকাই প্ৰাক্তন প্ৰেমিকক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনালে সেনাবাহিনীলৈ

1601116050 8939

প্ৰেমিকে প্ৰতাৰণা কৰাৰ পাছতে প্ৰতিশোধ লোৱাৰ বাবে প্ৰতাৰিত প্ৰেমিকাই প্ৰাক্তন প্ৰেমিকক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনালে সেনাবাহিনীলৈ

ADVERTISEMENT

অদ্ভুত প্ৰস্তাৱটো পোৱাৰ পাছত সেনাৰ নিযুক্ত বিষয়াই দিয়া উত্তৰত দিলে । যদি প্ৰেমিক এজনে প্ৰতাৰণা কৰে তেন্তে প্ৰকৃততে কি কৰা উচিত? আন্তৰ্জাতিক মহিলা দিৱসৰ দিয়া এটা ভিডিঅ’ত সেই পথ দেখুৱালে বিষয়াজনে।

ভিডিঅ’টোত, ৰাছিয়াৰ সেনা কৰ্ণেল ইউৰি খ্রম্ভে ব্যৰ্থিত প্ৰেমীসকলক উদেশ্য কয় প্ৰতাৰণা কৰা সেই প্ৰেমিকৰ পৰিচয় সেনালৈ প্ৰেৰণ কৰক । প্ৰেমীসকলৰ স’তে কি কৰিব লাগে সেয়াও প্ৰকাশ কৰে কৰ্ণেল ইউৰি খ্রম্ভে।

মহিলাসকলক সম্বোধন কৰি তেওঁ কয়, “কেৱল মাতৃভূমিই নহয়, প্ৰকৃত ৰক্ষকসকলে আপোনাক সকলোকে সুৰক্ষা দিব । প্ৰতাৰিত প্ৰেমীসকলক সেনাত অন্তৰ্ভুক্ত কৰাৰ বিষয়েও ‘কথা দিছিল কৰ্ণেল ইউৰিয়ে। তেওঁ কয়, “আপোনাৰ প্ৰাক্তন প্রেমিকৰ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰিচয় আমাক জনাওঁক। আমি সেইবোৰ অন্তৰ্ভুক্ত কৰিম।

তাৰ পাছত বহুতো মহিলাই তেওঁলোকৰ প্ৰাক্তন প্রেমিকসকলৰ পৰিচয় সেনাক দিয়ে। তেওঁলোকৰ এজনে আবেদন কৰাৰ লগতে লিখিছে তেওঁৰ প্ৰতাৰক প্ৰেমিকক চাকৰিৰ বাবে এণ্টাৰ্কটিকালৈ প্ৰেৰণ কৰক। আন এগৰাকীয়ে লিখিছে, ‘মোৰ প্ৰাক্তন প্ৰেমিকক সেনালৈ লৈ যাওক। তেওঁক এজন প্ৰকৃত মানুহ কৰি দিয়ক।

Exit mobile version