বৰফৰ নতুন ৰূপৰ সম্ভেদ

থাকিব পাৰে চন্দ্ৰ-মঙলতো

13991219194105510223872014

সম্প্ৰতি বৰফৰ নতুন স্ফটিক ৰূপৰ সম্ভেদ পাইছে অষ্ট্ৰিয়াৰ বিজ্ঞানীসকলে । ইয়াৰ কোণ চাৰিটা । এই স্ফটিকৰ সৃষ্টি হয় হাড় কঁপোৱা ঠাণ্ডাত বা অকল্পনীয় চাপত । বৰফৰ এই নতুন ৰূপৰ নাম দিয়া হৈছে ‘আইচ-১৯’ । ইয়াৰ পূৰ্বে বৰফৰ ১৮ টা ৰূপৰ সম্ভেদ পোৱা গৈছে । কিন্তু সেই বৰফৰ স’তে বিন্দুমাত্ৰ মিল নাই সদ্য আৱিষ্কৃত ৰূপৰ ।

অষ্ট্ৰিয়াৰ বিজ্ঞানীসকলৰ আৱিস্কাৰৰ গৱেষণাপত্ৰ প্ৰকাশিত হৈছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘নেচাৰ কমিনিকেছন্স’ত । এই আৱিষ্কাৰৰ সমৰ্থনত জাপানৰ বিজ্ঞানীসকলৰো এখন গৱেষণাপত্ৰ প্ৰকাশিত হৈছে ।

গৱেষকসকলে জনায় যে, এই ৰূপত বৰফ থাকিব পাৰে পৃথিৱীৰ ‘মেণ্টল’ (পৃথিৱীৰ মেণ্টলত বিভিন্ন ধৰণৰ ধাতু থাকে) বা চন্দ্ৰত । মঙল গ্ৰহটো এনে ধৰণৰ বৰফ থাকিব পাৰে, য’ত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুগুণে কম ।

তুষাৰকণাৰ স’তে আমি সকলোৱে পৰিচিত । তুষাৰকণাৰ ছয়টা কোণ থাকে । তুষাৰকণাৰ স্ফটিকৰ ছয়টা কোণত থাকে ছয়টা অক্সিজেন পৰমাণু । হাইড্ৰ’জেন পৰমাণুবোৰ ইয়াৰ চাৰিওফালে সিঁচৰতি হৈ থাকে ।

গৱেষকসলে বৰফৰ এই নতুন ৰূপৰ সন্ধান পাইছে গৱেষণাগাৰৰ শূণ্যৰ ১৭৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাৰ তলত । ইয়াৰ ওপৰত দুই গিগাপাস্কেল (এক গিগাপাস্কেল = এশ কোটি পাস্কেল বা বায়ুমণ্ডলৰ চাপ) চাপো প্ৰয়োগ কৰা হয় ।

Exit mobile version