সন্ধান ওলাল পৃথিৱীৰ ভিতৰৰ আন এক স্তৰৰ

ভূমিকম্পৰ পূৰ্বাভাসত আগন্তুক দিনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব নতুন আৱিষ্কাৰে !

earth crust layers core 0304211

পৃথিৱীৰ ভিতৰ ভাগত যাক ‘কোৰ’ বুলি কোৱা হয়, তাত আৰু এটা স্তৰ (লেয়াৰ)ৰ সন্ধান পালে বিজ্ঞানীয়ে । প্ৰথমবাৰলৈ এই স্তৰটোৰ সন্ধান পোৱা গৈছে । এই স্তৰটো কোনো ধাতুৰ তৰল সোঁত নহয় বা কোনো কঠিন ধাতব পদাৰ্থও নহয় । তাৰেই মাজৰ পৰ্যায়ৰ এনে কিবা আছে ইমানদিনে আমাৰ জ্ঞানৰ পৰিধিৰ বাহিৰত থকা সেই পৃথিৱীৰ ভিতৰৰ স্তৰটোত ।

সেই স্তৰৰ ভূমিকা কি বা কিদৰে সেই স্তৰৰ সৃষ্টি হ’ল, সেই সকলো বিষয় এতিয়াও ৰহস্যৰ আৱৰ্তত । কিন্তু যাৰ বাবে ভূমিকম্প হয়, সেই টেক্ট’নিক প্লেটসমূহৰ মাজত হোৱা সংঘৰ্ষত পৃথিৱীৰ ভিতৰত লুকাই থকা এই স্তৰটোৰ ভূমিকা থাকিব পাৰে বুলি বিজ্ঞানীসকলে সন্দেহ কৰিছে । সেই ক্ষেত্ৰত আগন্তুক দিনত ভূমিকম্পৰ পূৰ্বাভাসতো এই নতুন আৱিস্কাৰে বিশেষ ভূমিকা ল’ব পাৰে বুলিও ধাৰণা কৰা হৈছে । সংশ্লিষ্ট গৱেষণা পত্ৰখন প্ৰকাশিত হৈছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণাপত্ৰ ‘জাৰ্নেল অৱ জিঅ’ফিজিকেল ৰিচাৰ্ছঃ ছলিড আৰ্থ’ত ।

গৱেষকসকলে জনাইছে, ‘পৃথিৱীৰ ভিতৰৰ গোপন কথাটো সম্ভৱতঃ বাৰু জনা গ’ল । যদিও এই কথাৰ মৰ্মাৰ্থ এতিয়াও অনুধাৱন কৰাটো সম্ভৱ হোৱা নাই ।’ ইমানদিনে সকলোৱে জানি আহিছিল যে পৃথিৱীৰ ভিতৰ ভাগত দুটা স্তৰ আছে । এটা স্তৰ আৰম্ভ হৈছে ভূপৃষ্ঠ (ছাৰফেচ)ৰ পৰা এহেজাৰ আঠশ মাইল বা দুহেজাৰ ৮৯৭ কিলোমিটাৰ তলৰ পৰা । ই হৈছে পৃথিৱীৰ ভিতৰ বা ‘কোৰ’ৰ বাহিৰৰ স্তৰ । এই স্তৰত ধাতুৰ তৰল সোঁত বৈ আছে ।

এই স্তৰৰ তাপমাত্ৰা হৈছে চাৰিৰ পৰা ন হেজাৰ ডিগ্ৰী ফাৰেনহাইট (দুহেজাৰ ২০৪ ডিগ্ৰীৰ পৰা চাৰি হেজাৰ ৯৮২ ডিগ্ৰী চেলছিয়াছ । প্ৰায় সূৰ্যৰ পিঠিৰ তাপমাত্ৰা (ছহেজাৰ ডিগ্ৰী চেলছিয়াছ)ৰ সমান । এই কথাও জ্ঞাত আছিল যে ভূপৃষ্ঠৰ তিনি হেজাৰ দুশ মাইল বা পাঁচ হেজাৰ ১৫০ কিলোমিটাৰ তলৰ পৰা আৰম্ভ হয় পৃথিৱীৰ ‘কোৰ’ৰ ভিতৰৰ স্তৰটো । তাত আছে একেবাৰে কঠিন অৱস্থাৰ লো আৰু কিছুসংখ্যক নিকেল ।

অৱশ্যে এই দুটা স্তৰৰ মাজভাগত আৰু কিবা থাকিব পাৰে বুলি ৮০ৰ দশকৰ পৰাই বিজ্ঞানীসকলৰ মনত সন্দেহ ঘনীভূত হৈছিল । কিন্তু পৃথিৱীৰ ‘কোৰ’ৰ ওপৰৰ স্তৰৰে তাপমাত্ৰা সূৰ্যৰ পিঠিৰ তাপমাত্ৰাৰ প্ৰায় সমান বুলিয়েই ইমানদিনে অনুসন্ধান চলোৱা সম্ভৱ হোৱা নাছিল । পৃথিৱীৰ ‘কোৰ’ৰ প্ৰকৃত ছবিখন ঠিক কি ধৰণৰ, সেয়া বুজাৰ বাবেই এইবাৰ কিছু ভিন্ন পথেৰে আগবাঢ়িছিল কেনবেৰাৰ অষ্ট্ৰেলিয়ান ইউনিৰছিটিৰ গৱেষক জো ষ্টিফেনছন আৰু তেওঁৰ সহযোগীসকলে ।

তেওঁলোকে ইয়াৰ ফটো লোৱাৰ বাবে ব্যৱহাৰ কৰিছিল ভূমিকম্পৰ তৰংগক । ষ্টিফেনছনে কয়, ‘আমি বুজিব পাৰিছো যে সেই স্থান একেবাৰে খাটি কঠিন ধাতুৰে ভৰা নহয় । তাত ধাতু বা আন কিবা বস্তু আন কোনো অৱস্থাত আছে । যদিও ইয়াৰ চলিত্ৰ বুজা নগ’ল ।’ গৱেষকজনে লগতে জনাইছে যে এই ৰহস্যৰ জৰীডাল খুলিব পাৰিলে হয়তো আগন্তুক দিনত টেক্ট’নিক প্লেটসমূহৰ সংঘৰ্ষৰ প্ৰকৃত কাৰণটো জনা যাব । হয়তো ভূমিকম্পৰ পূৰ্বাভাস দিয়াতো সেয়া সহায়ক হ’ব ।

Exit mobile version