জেক মাৰ আলিবাবাই জৰিমনা দিবলগীয়া হ’ব পাৰে এশ কোটি ডলাৰ

g6vqeilo alibaba headquarters china

চীনৰ ধনকুবেৰ জেক মাৰ সংস্থা আলিবাবাই এশ কোটি মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় সাত হেজাৰ ২৭১ কোটি টকাৰো অধিক) জৰিমনা দিবলগীয়া হ’ব পাৰে । ছি জিনপিং প্ৰশাসনে বিগত কেইমাহত আলিবাবাৰ নিয়ন্ত্ৰণত থকা সংস্থা ‘এণ্ট গ্ৰুপ ক’ নিজৰ অধীনলৈ আনি বজাৰত সংস্থাটোৰ শ্বেয়াৰ বন্ধ কৰি দিয়ে ।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এইবাৰ চীনৰ সংস্থাই ভৰিব লগা হ’ব পাৰে বিপুল পৰিমাণৰ জৰিমনা । ইতিমধ্যে জৰিমনা সন্দৰ্ভত চীনৰ প্ৰশাসনে কোনো প্ৰতিক্ৰিয়া দিয়া নাই ।

২০১৫ত ক’ৱালক’মৰ বিৰুদ্ধে এই ধৰণৰে অভিযোগ উত্থাপন কৰিছিল চীনে । সেই সংস্থাৰ জৰিমনাৰ পৰিমাণ আছিল ৯৭ কোটি ডলাৰৰো অধিক ।

চীনৰ বাণিজ্য নিয়ন্ত্ৰক সংস্থাই বাণিজ্যিক সংস্থাবোৰৰ ওপৰত জৰিমনাৰ লগতে একাধিক বিধিনিষেধ জাৰি কৰাৰ সম্ভৱনা আছে । আলিবাবাৰ কিছু পৰিমাণৰ সম্পদৰ পৰা মালিকীস্বত্ব খৰ্ব কৰাৰো সম্ভাৱনা আছে ।

চীনৰ প্ৰশাসনে জনায় যে, আলিবাবাৰ বিৰূদ্ধে বিশ্বাসভংগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিব ছি জিনপিং চৰকাৰ । ইয়াৰ পূৰ্বে চীনৰ বাণিজ্য নিয়ন্ত্ৰণ নীতিক লৈ সমালোচনা কৰিছিল আলিবাবাৰ মুৰব্বী জেক মাই ।

Exit mobile version