অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহি আছে সিমানেই গৰম হ’ব ধৰিছে ৰাজনৈতিক বতাহ । আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতিও ।
ADVERTISEMENT
আজি ৩০ নং কোকৰাঝাৰ জনজাতি সমষ্টিৰ বনৰগাঁৱত এক যোগদান সভা অনুষ্ঠিত কৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পিএল দলে । উক্ত যোগদান সভাত উপস্থিত থাকে ইউপিপিএল দলৰ নেতা তথা ৩০ নং কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউ পিপিএল দলৰ সম্ভাব্য প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ লগতে সদৌ বিটিআৰ এছ ছি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুজিত দাসসহ ইউ পিপিএল দলৰ অইন অইন কৰ্মকৰ্তা সকল ।
নতুনকৈ ইউপিপিএল দলত যোগদান কৰা সকলক ফুলাম গামোচাৰে আদৰণি জনায় আৰু সমাগত বিধানসভা নিৰ্বাচনত ইউপিপিএল দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায় ।