বলিউডৰ মহাতাৰকা অভিনেতা আমিৰ খানৰ পুত্র জুনেইদ খানৰ শেহতীয়া কেইখনমান ফটোৱে সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এসময়ত জুনেইদ যথেষ্ট শকত-আবত চেহেৰাৰ আছিল। কিন্তু এতিয়া মেদবহুলতাৰ পৰা নিজক মুক্ত কৰি জুনেইদ পেশীবহুল চেহেৰাৰ অধিকাৰী হ’ল।
এই নতুন চেহেৰাৰ জুনেইদৰ ফটোৱে ছ’চিয়েল মিডিয়াত বিশেষ চর্চা লাভ কৰিছে। দৰাচলতে আমিৰ পুত্ৰই অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ সাজু হৈছে। জুনেইদে ইতিমধ্যে তেওঁৰ প্ৰথমখন ছবি ‘মহাৰাজা’ত অভিনয় আৰম্ভ কৰিছে। তলাবন্ধৰ সময়তে জুনেইদে অভিনেতা হােৱাৰ সিদ্ধান্ত লৈছিল আৰু নিজৰ চেহেৰা সলনি কৰাৰ বাবে জিমত শৰীৰ চৰ্চা আৰম্ভ কৰিছিল।
জুনেইদে অভিনয় কৰা মহাৰাজা’ ছবিখন পৰিচালনা কৰিছে সিদ্ধার্থ পি মালহােট্রাই। এই ছবিত জুনেইদে এজন সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে। জুনেইদৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে ‘অর্জুন ৰেড্ডী’ খ্যাত অভিনেত্রী শালিনী পাণ্ডেয়ে। জুনেইদে পূর্বে পিতৃক ছবি পৰিচালনাৰ ক্ষেত্ৰত সহযােগী হিচাপে কাম কৰিছিল।