ৰাইজৰ মাজত বিপিএফ দলৰ ভেটি কোনেও হিলাব নোৱাৰেঃ ৰবিৰাম নাৰ্জাৰী

67001729 6f9c 46f2 8afe bad31d2a245c

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমুহ। ইতিমধ্যে নিৰ্বাচন আয়োগে অসমত তিনিটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্র দাখিল ইতিমধ্যে সমাপ্ত হৈছে।

অসম বিধানসভা নির্বাচনৰ কাৰণে সকলো প্ৰকাৰে সাজু হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে বিৰোধী দলৰ পৰা যিমানে শক্তিশালী প্ৰাৰ্থী নিদিয়ক কিয় আমি জয়ী হমেই।

বিপিএফ নিজেই এটা শক্তিশালী দল। ৰাইজৰ মাজত বিপিএফ দলৰ ভেটি কোনেও হিলাব নোৱাৰে। এইবাৰ অসমত কংগ্রেছ, এআইইউডিএফ, বিপিএফ আদিৰ মহাজোটৰ চৰকাৰ হ’বলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই। অসমৰ পৰা বিজেপি দলক উৎখাত কৰাৰ লগতে বিটিআৰৰ পৰা বিজেপি, ইউপিপিএল,জিএছপি আদিৰ মিত্রজোটৰ চৰকাৰখন উৎখাত কৰিবলৈ ৰাইজ এতিয়াও বিপিএফ দলৰ লগতে আছে।

কংগ্রেছ, এআইইউডিএফ লগত মিত্রতা কৰাত এতিয়া আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত হৈ গ’ল।ইউপিপিএল দলে কোনো বেলেগ সম্প্ৰদায়ৰ ভোট নাপাব। যিমানে শক্তিশালী প্ৰাৰ্থী নাহক কিয় বা যিমানে ধনী ব্যক্তি নাহক কিয় আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

আমাৰ বিপিএফ দলৰ প্ৰাৰ্থীয়ে অসম বিধানসভা নির্বাচনত বিটিআৰ অঞ্চলৰ প্ৰতিটো সমষ্টিতে জয়ী হব আৰু আমি দিছপুৰত চৰকাৰ গঠন কৰিম। বিপিএফ দলৰ পৰা সদ্যহতে ইউপিপিএল দলত যোগদান কৰা বিপিএফৰ দোতমা ব্লকৰ সভাপতি ইন্দ্রমোহন ব্ৰহ্মৰ বিৰুদ্ধে সৰৱ হৈ উঠে বিধায়ক ৰবিৰাম নাৰ্জাৰী।

বিধায়কজনে কয় যে তেও নাম মাত্রহে ব্লক বিপিএফ ৰ সভাপতি আছিল। সভাপতি হৈ কি লাভ যদি মানুহে নাথাকে তেওঁৰ পাছত। তেওঁৰ ইউপিপিএল গমনে বিপিএফ ৰ একো ক্ষতি নকৰে, ৰাজনৈতিক দলত এইবোৰ হৈ থাকে। ইয়াত একো চিন্তাৰ কাৰণ নাই। এটা আলুৰ বস্তাত পচা আলু এটা থাকিলে বাকী আলুবোৰো পচি যাব গতিকে পচা আলুটো বাহিৰ কৰি দিয়াই ভাল ঠিক তেনেদৰে ইন্দ্রমোহন ব্ৰহ্ম বিপিএফৰ পৰা নিজে ওলাই গৈছে এতিয়া দোতমা ব্লকটো উন্নতি হবে।

Exit mobile version