তিনিচুকীয়াৰ গুইজান ঘাটত অঘটন

গা ধুবলৈ গৈ সন্ধানহীন এজনলোক

385e60c7 4897 4cd1 b75c 9c791b96548d 1

গুইজানৰ ডিব্ৰু নদীত পৰি সন্ধানহীন এজন লোক । তথ্য অনুসৰি চাবুৱাস্থিত এয়াৰ ফৰ্চৰ সাতজনীয়া এটা দলে গুইজান ঘাটত পাৰ্টি কৰিবলৈ আহি গা ধুবলৈ নদীত নমাৰ সময়তে সংঘটিত হয় অঘটন ।

উল্লেখযোগ্য যে সন্ধানহীন লোকজন চাবুৱাৰ এয়াৰ ফৰ্চৰ একাউণ্ট ব্ৰাঞ্চত কৰ্মৰত বিষ্ণু কুমাৰ।

ঘটনাস্থলীত এছ ডি আৰ এফৰ এটা দল উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও এইমূহুৰ্তলৈকে উদ্ধাৰ হোৱা নাই সন্ধানহীন লোকজন ।

Exit mobile version