দিল্লীৰ সীমান্তত ঘৰ সাজিলে কৃষকৰ প্ৰতিবাদকাৰীৰ দলে

r3v0tvd farmers build brick

তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলে এতিয়া দিল্লীৰ সীমান্তৰ ওচৰত ইটাঘৰ নিৰ্মাণ আৰম্ভ কৰিছে। বিগত তিনিমাহ ধৰি চলি থকা কৃষি আইন বিৰোধী আন্দোলনত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে কৃষকসকল।

হাৰিয়ানাৰ ওচৰৰ টিকৰি সীমান্তত, প্ৰতিবাদকাৰীসকলক এতিয়া নিজে থাকিবৰ বাবে ইটাৰ ঘৰ নিৰ্মাণ কৰা দেখা গৈছে। তেওঁলোকে নিৰ্মাণ কৰা প্ৰতিটো ঘৰ আনুমানিক ব্যয় প্ৰায় ২০হেজাৰৰ পৰা ২৫ হেজাৰ টকা। নিম্নতম সম্পদেৰে তেওঁলোকৰ ঘৰসমূহ নিৰ্মাণ কৰিছে।

প্ৰতিবাদকাৰীসকলে তম্বু বা অস্থায়ী আশ্ৰয়ৰ পৰা এই ঘৰলৈ যোৱাৰ সিদ্ধান্তৰ বাবে বতৰ এক মুখ্য কাৰক হ’ব।১০ খনৰো অধিক বৈঠকৰ পাছতো, চৰকাৰ আৰু কৃষকসকলে এতিয়াও তিনিখন কৃষি আইনৰ ওপৰত কোনো সিদ্ধান্তত উপনীত হোৱা নাই।

২৬ মাৰ্চত চাৰি মাহৰ আন্দোলন সম্পূৰ্ণ কৰাৰ লগে লগে প্ৰতিবাদকাৰী দ্বাৰা সৰ্ব-ভাৰত ধৰ্মঘট বা ভাৰত বন্ধ ৰখা হৈছে। ভাৰত বন্ধৰ পৰিকল্পনাৰ বাবে ট্ৰেড ইউনিয়ন আৰু অন্যান্য গণ সংগঠনৰ স’তে এক যৌথ সন্মিলনৰ আয়োজন কৰা হ’ব বুলি কৃষক ইউনিয়নৰ এক সংস্থা সংযুক্ত কৃষান মৰ্চাই জনাইছে।

Exit mobile version