কোনে মাৰিব শেষ হাঁহি এইবাৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত ?

হামৰেণত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা

WhatsApp Image 2021 03 14 at 5.53.41 PM

নিৰ্বাচন সমাগত । কোনে মাৰিব শেষ হাঁহি এইবাৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত ? তাক লৈ ব্যাপক জল্পনা-কল্পনা বিজেপি বনাম কংগ্ৰেছ নেতা-কৰ্মীৰ । সমগ্ৰ ৰাজ্যতে পৰিলক্ষিত হৈছে দলসমূহৰ মাজত ইতিমধ্যে সৃষ্টি হোৱা টিকট কেন্দ্ৰিক সংঘাত।

পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈছে এক অপ্ৰকাশ্য বিসংবাদ। বৈঠালাংছ’ সমষ্টিত এফালে যদি শাসকীয় দলৰ প্ৰাৰ্থী ৰূপছিং তেৰণে দলীয় নেতা কৰ্মী, দলীয় ক্ষমতা, ইন্ধন আদিৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে, আনফালে আকৌ বৈঠালাংছ’ বিধানসভা সমষ্টিত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা সহস্ৰাধিক ভোটাৰ আৰু সমৰ্থক ৰাইজৰ সঁহাৰিক আদৰণি জনায় সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ জয় একেবাৰে এশ শতাংশ নিশ্চিত বুলি দাবী কৰি আহিছে কংগ্ৰেছ প্ৰাৰ্থী তথা তৰুণ মুখৰ যুৱ নেতা আগষ্টিন ইংগিয়ে।

নিৰ্বাচন কেন্দ্ৰিক এনেবোৰ দাবী, সমালোচনা, আক্ৰমণ-প্ৰতিআক্ৰমণৰ মাজতে আজি কাৰ্বি পৰিষদৰ হামৰেণ সমষ্টিৰ জেংখাত অনুষ্ঠিত হয় এখন বিজেপিৰ দলীয় সভা তথা যুটীয়া বৰ্ধিত সভা। অনুষ্ঠিত সভাত সমাগত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰূপছিং টেৰণক কিদৰে বিপুল ভোটেৰে জয়যুক্ত কৰি সমষ্টিতো বিজেপিৰ দখলত ৰাখিব পাৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি নীতি, ৰণ কৌশল, প্ৰচাৰ অভিযান আদিৰ সন্দৰ্ভত আলোচনা কৰে হামৰেণ বিজেপিয়ে। লগতে বিজেপি নেতা কৰ্মীয়ে অৰ্থাৎ বিজেপি স্থানীয় কমিটি, মহিলা মৰ্চা, যুৱ মৰ্চা, শক্তি কেন্দ্ৰ, কৃষক মৰ্চা, জিলা কমিটি, মণ্ডল কমিটি আদিয়ে কেনে ধৰণৰ ভূমিকা আৰু দায়িত্ব পালনেৰে বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপছিং তেৰনক জয় কৰাবলৈ সক্ষম হ’ব সেই বিষয়েও গুৰুত্বপূৰ্ণভাৱে বিশ্লেষণ আৰু বিতংভাৱে আলোচনা কৰে।

উল্লেখযোগ্য যে আলোচনাৰ মজিয়াতে তিমুঙে বিজেপিৰ জয় বৈঠালাংছ’ বিধানসভা সমষ্টিত একেবাৰে নিশ্চিত আৰু খাটাং বুলি দাবী কৰাৰ বিপৰীতে বিৰোধীৰ চল-বল, কৌশল আৰু অভিসন্ধিয়ে বিজেপিৰ একো হানি কৰিব নোৱাৰে বুলি মন্তব্য কৰে।

অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেণ সমষ্টিৰ অন্তৰ্গত থকা চাৰিখনকৈ শক্তি কেন্দ্ৰৰ বিষয়ববীয়াৰ লগতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা কমিটিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, মংগল বে, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচং ৰংহাং উপস্থিত থাকে ।

Exit mobile version