চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াৰ বৰগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেছ বাঘেল

EwcWraCVEAIX80G

অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে উজনীয়ে-নামনিয়ে ইতিমধ্যে সকলোবোৰ ৰাজনৈতিক দলেই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ।

সকলো দলৰ সকলো পাৰ্থীকে জয়লাভ কৰাবলৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ কেন্দ্ৰীয় নেতৃত্ব অসমলৈ সুত বৈছে প্ৰতিদিনাই।

সমান্তৰালকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১২১ নং চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগুৰি যুৱক সংঘৰ প্ৰক্ষাগৃহত গুইজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত চত্তিশগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেছ বাঘেল উপস্থিত হৈ চাবুৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ মনোনিত পাৰ্থী অজয় ফুকনৰ হৈ প্ৰচাৰ চলাই।

মুখ্যমন্ত্ৰীগৰাকী সভাখনত উপস্থিত হৈ আগন্তুক নিৰ্বাচনৰ বাবে চাবুৱা বিধানসভা সমষ্টিটোৰ বাবে অসম গণ পৰিষদৰ পাৰ্থীজন কোনো ফেক্টৰ নহয় বুলি মন্তব্য প্ৰদান কৰাৰ লগতে কংগ্ৰেছৰ পাৰ্থী অজয় ফুকন অহাৰ লগে লগেই বিজেপি দল চাবুৱাৰ পৰা নিজে নিজেই পলাই যায় বুলি বিজেপিক কতাক্ষ কৰে।

ইফালে, আজি সভাত বিজেপি চৰকাৰৰ বিৰোধ কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গানৰ জৰিয়তে কতাক্ষ কৰি শ শ ৰাইজক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে আৰু আগন্তুক নিৰ্বাচনত চাবুৱা সমষ্টিটোত কেৱল নিৰ্দলীয় পাৰ্থী প্ৰিয়ংকা নেওগৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য প্ৰদান কৰে।

Exit mobile version