ষ্টেচনত ৰৈ থকাৰ অৱস্থাতে অগ্নি সংযোগ হয় দিল্লী-দেহৰাডুন শতাব্দী এক্সপ্ৰেছ

train catced fire11

তথ্য অনুসৰি শনিবাৰে কাছৰো ষ্টেচনৰ ওচৰত ৰৈ থকাৰ অৱস্থাতে অগ্নি সংযোগ হয় দিল্লী-দেহৰাডুন শতাব্দী এক্সপ্ৰেছখন । উল্লেখযোগ্য যে ৰেলখনত থকা কোনো যাত্ৰীৰ একো ক্ষয় ক্ষতি হোৱা নাই। উত্তৰাখণ্ডৰ আৰক্ষী প্ৰধান অশোক কুমাৰে কয় যে ঘটনাটোৰ সময়ত ষ্টেচনত থিয় হৈ থকা ৰেলখনত লগা অগ্নি প্ৰত্যক্ষ কৰাৰ লগে লগে যাত্ৰীসকলক ৰেলখনৰ পৰা নমাবলৈ সম্ভৱ হৈছে আৰু ডাঙৰ দুৰ্ঘটনা পৰিহাৰ কৰা হৈছে।

প্ৰাৰম্ভিক অনুমান হৈছে যে অগ্নি চৰ্ট চাৰ্কিটৰ পৰা বিয়পি পৰিছিল। আৰক্ষী সূত্ৰই কয় যে দেহৰাডুনলৈ যোৱা ৰেলৰ চি-৫ কোঠাত অগ্নি সংযোগ হয়। সেই সময়ত কোঠাটোত আছিল কমেও ৩৫ জন যাত্ৰী  আৰু তেওঁলোক সকলোকে সুস্থ অৱস্থাত উদ্ধাৰ কৰা হয়। ৰেলখনত অগ্নি দেখি কেইজনমান যাত্ৰীয়ে ৰেলৱে আৰক্ষীক খবৰ দিয়ে ।

তাৰ পাছতে অতি সোনকালে আৰম্ভ কৰা হয় বাকী কম্পাৰ্টমেণ্টৰ পৰা চি-5 কোঠাটো সংযোগ বিচ্ছিন্ন কৰাৰ প্ৰক্ৰিয়া । ঘটনাস্থলীত আহি উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীও । ৰেলৱে কৰ্তৃপক্ষই কয় যে সময়মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল।

ৰেলৱে সূত্ৰই কয় যে আতংক নিয়ন্ত্ৰণ হোৱাৰ পাছত প্ৰভাৱিত কোঠাৰ যাত্ৰীসকলক আন কোঠালৈ স্থানান্তৰ কৰা হয়। পৰিস্থিতি অলপ শান্ত হোৱাৰ পিছত ৰেলখন ইয়াৰ গন্তব্যস্থানলৈ উভতি যায়।

Exit mobile version