হাউলীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

বিভিন্ন সময়ত অসমত বসবাস কৰা হিন্দু বঙালীসকলে হাৰাশাস্তি পোৱাৰ অভিযোগ

Bengali Youth Federation

হাউলীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণত আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত  ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি অজয় ভূষণ সৰকাৰে কয় যে, ডি’ ভোটাৰ , এনআৰচি, নাগৰিকত্ব আদি সমস্যা সমাধানৰ কাৰণে বঙালী সম্প্ৰদায়ৰ ৯৯ শতাংশ লোকে বিজেপি দলক ভোটদান কৰি সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠন কৰিবলৈ সহায় কৰিছিল । কিন্তু বঙালী সম্প্ৰদায়ৰ কোনো এটা সমস্যাই বিজেপি চৰকাৰখনে সমাধান নকৰিলে বুলি ভূষণে ক্ষোভ প্ৰকাশ কৰে |

লগতে ভূষণে কয় যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালী সম্প্ৰদায় থকা ১৫টা সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব দাবী কৰা হৈছিল, কিন্তু বিজেপি দলটোৱে বঙালী সম্প্ৰদায়ৰ কোনো এজন লোককে দলীয় টিকট প্ৰদান নকৰিলে । বিজেপিয়ে ইয়াৰ ফল ভুগিব লাগিব ।

সমাগত নিৰ্বাচনত যিবিলাক সমষ্টিত বঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে সেই সমষ্টিসমূহত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে পূৰ্ণ সমৰ্থন জনাব বুলিও তেওঁ কয় । লগতে বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী নথকা সমষ্টিসমূহত বিবেক ভোটদান কৰিবলৈ বাঙালী সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনায় ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৰকাৰে ।

উক্ত সংবাদ মেলখনত ফেডাৰেচনৰ জিলা সভাপতি নীলকান্ত কৰ্মকাৰে কয় যে, বিভিন্ন সময়ত অসমত বসবাস কৰা হিন্দু বাঙালী সকলে এফটি কোর্টৰ লগতে ডিটেনশ্বন কেম্পৰ ক্ষেত্রতো বিভিন্ন সময়ত হাৰাশাস্তি ভুগ কৰিবলগা হৈছে । এনআৰচি প্রস্তুতকৰণৰ সময়ত যিসকল ভাৰতীয় লাখ লাখ নাগৰিকে হিয়াৰিঙৰ সময়ত বায়’মেট্রিক দিবল’গীয়া হৈছিল, সেইসকল লােকে সম্প্রতি অসমৰ বিভিন্ন আধাৰ কেন্দ্ৰত আধাৰ কার্ড বনাবলৈ গ’লে এনআৰচিৰ সময়ত দিয়া বায়া’মেট্রিক বাতিল কৰিলেহে আধাৰ কার্ড বনাব পাৰিব বুলি কৈ আধাৰ কর্তৃপক্ষই উভতাই পঠিয়াই দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

উল্লেখিত নাগৰিকসকলে বৰ্তমান লৈকে আধাৰ কার্ড প্ৰস্তুত কৰিব নােৱাৰাত আতংকিত হোৱা পৰিলক্ষিত হৈছে । যিহেতু চৰকাৰখনে সকলাে ক্ষেত্রতে আধাৰ কার্ড বাধ্যতামূলক কৰিছে যাৰ বাবে ৰেচন কার্ড, পিএমজিৱাই আঁচনিৰ গৃহ, বেংক একাউন্ট , ছাত্র-ছাত্রী স্ক’লাৰশ্বিপকে আদি কৰি সকলাে ক্ষেত্রতে আধাৰ কার্ড প্রয়ােজন হােৱাত বৰ্তমান সম্প্ৰদায়টোৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হােৱা বুলি কৰ্মকাৰে অভিযোগ কৰে।

ইয়াৰোপৰি যিসকল বঙালী হিন্দুসকলে ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত নিজৰ তেজৰ বলিদান দি ভাৰত স্বাধীন কৰিলে সেইসকল বঙালী হিন্দুসকলে বর্তমান কোনাে গুৰুত্ব পোৱা নাই  বুলিও আক্ষেপ প্ৰকাশ কৰে ।

‘কা’ৰ নামত বঙালী হিন্দুসকলৰ ওপৰত বিভিন্ন দিশত মানসিক, শাৰীৰিক আৰু ধর্মীয়ভাৱে বিভিন্ন সময়ত অপদস্থ হৈ আছে । আগন্তুক দিনত বাঙালী হিন্দুসকলৰ এনে ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা হাতত লোৱাৰ বাবে সংবাদ মেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায় ফেডাৰেচনৰ জিলা সমিতিৰ সভাপতি নীলকান্ত কৰ্মকাৰে । সংবাদলমেলত ফেডাৰেচনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বৰূপ দাসৰ লগতে বিভিন্ন লোক উপস্থিত থাকে ।

Exit mobile version