কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাত মধ্য প্ৰদেশৰ চৰকাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা

corona mask 1584669568

মধ্য প্ৰদেশ চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ মুখ্য সচিব ৰাজেশ ৰাজোৰাই দেওবাৰে কয়, “সীমান্তৱৰ্তী মহাৰাষ্ট্ৰ জিলাৰ পৰা মধ্য প্ৰদেশলৈ অহা যাত্ৰীসকলক এসপ্তাহৰ বাবে ঘৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। “

মধ্য প্ৰদেশ সীমান্ত মহাৰাষ্ট্ৰৰ আঠখন জিলা ছিন্দৱাৰা, বালাঘাট, বেতুল, ছিওনি, খাণ্ডোৱা, বৰৱানী, খাৰগোন আৰু বুৰহানপুৰ। মহাৰাষ্ট্ৰ থকা এই জিলাসমূহত প্ৰতিদিনে মধ্যপ্ৰদেশৰ লোক যাতায়ত কৰে।এই লোক সকলক চিনাক্ত কৰাৰো নির্দেশ দিছে সীমান্তৰ জিলা প্ৰশাসনক ।

তদুপৰি, সেই জিলাবোৰৰ যিকোনো বন্ধ স্থানত ৫০ ৰো অধিক লোকৰ সমাবেশ নিষিদ্ধ কৰা হৈছে। ভূপাল, ইণ্ডোৰ, জবলপুৰ, ৰটলম, গ্বালিয়ৰ, বালাঘাট, ছিওনি, বেতুল, ছিন্দৱাৰা, উজ্জয়িনীৰ দৰে জিলাবোৰৰ পৰা নতুন সংক্ৰমণ বৃদ্ধিৰ প্ৰতিবেদন আহিছে। ফলস্বৰূপে, ৰাজ্য চৰকাৰৰ উদ্বেগ বাঢ়িছে।

সংক্ৰমণ যাতে পুনৰ ব্যাপক স্তৰত উপনীত নহয় তাৰ বাবে ৰাজ্য প্ৰশাসনে সীমান্ত জিলাবোৰৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰিছে। দেওবাৰে মধ্য প্ৰদেশত নতুনকৈ ৭৪৩ জন লোক সংক্ৰমিত হৈছিল। দৈনিক সংক্ৰমণ বহুত হ্ৰাস পাইছিল। কিন্তু ই পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰত পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি হৈ আহিছে।

সংক্ৰমণ দিনে ১৬হেজাৰতকৈ অধিক। বিশেষজ্ঞসকলৰ মতে সেই সংক্ৰমণ ৰেচম সীমা মধ্য প্ৰদেশৰ জিলাবোৰৰ মাজেৰে সমগ্ৰ ৰাজ্যত বিয়পিবলৈ আৰম্ভ কৰিছে। যাৰ ফলস্বৰূপে সমগ্ৰ দেশে ইয়াৰ পৰিণাম বহন কৰিব।

Exit mobile version