ডিফু বিধানসভা সমষ্টিত দুগৰাকী আৰু বৈঠালাংছ এজন প্ৰাৰ্থীৰ মনোনয়ন নাকচ

7b11f8e1 ec92 4ea1 999f 247cb83efbde

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ চাৰিটা বিধান সভা সমষ্টিত এক এপ্ৰিলত অনুষ্ঠিত হব লগা নিৰ্বাচনত মুঠ ৩৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল।

ADVERTISEMENT

আজি প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত ১৯ নং ডিফু বিধান সভা সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীয়ে যাৱতীয় নথি পত্ৰ জমা কৰিব নোৱাৰাৰ বাবে প্ৰাৰ্থীত্ব নাকচ কৰা হয়।

নাকচ হোৱা নিৰ্দলীয় প্ৰাৰ্থী দুগৰাকী হ’ল বিদ্যাছিং ৰংপি আৰু প্ৰাৰ্থী ডিমি হাঞ্চেপী। উল্লেখযোগ্য যে ১৯নং বিধান সভা সমষ্টিত মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল।

আনহাতে ২০ নং বৈঠালাংছ বিধান সভা সমষ্টিত মুঠ ১০ গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। আজি মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত নিৰ্দলীয় প্ৰাৰ্থী পৱন হাঞ্চেক যাৱতীয় নথি পত্ৰৰ অভাৱৰ বাবে নাকচ কৰা হয়। আনহাতে ১৭ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন।

Exit mobile version