কৃষকৰ সমৰ্থনত মাস্ক পৰিধান কৰি গ্ৰেমী বঁটাত অংশ ল’লে ইউ টিউবাৰে

udsdvnfg lilly singh grammys farmers mask

এইবাৰ বিশ্বৰ সর্বশ্রেষ্ঠ সংগীতৰ বঁটা অনুষ্ঠান গ্ৰেমীৰ মঞ্চত উত্থাপিত হল ভাৰতৰ কৃষকৰ দাবী। ভাৰতীয় মূলৰ কানাডা নিবাসী ইউ টিউবাৰ লিলি সিঙে ৬৩ সংখ্যক গ্রেমী বঁটা প্রদান অনুষ্ঠানত মুখত ভাৰতীয় কৃষক আন্দোলনৰ সমৰ্থনত শ্ল’গান লিখা মাস্ক পৰিধান কৰি অংশ ল’লে।

টুইটাৰত লিলিয়ে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰিছে আৰু এই ফটোত তেওঁক গ্রেমী বঁটাৰ ৰঙা দলিচাত থিয় হৈ থকা প্ৰত্যক্ষ হৈছে। কলা ৰঙৰ পােছাক পৰিধান কৰা লিলিয়ে পিন্ধা মাস্কত লিখা আছে ‘আই ষ্টেণ্ড উইথ ফার্মাছ’ শ্ল’গান। উল্লেখ্য যে দেওবাৰে নিশা লছ এঞ্জেলছত ৬৩ সংখ্যক গ্ৰেমী বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।

টুইট কৰি লিলিয়ে কয়, মই জানাে যে বঁটা প্রদান অনুষ্ঠানৰ ফটোৱে যথেষ্ট প্ৰচাৰ লাভ কৰে। সংবাদ মাধ্যম, এইখন লােৱা।’ কানাডাৰ নিবাসী ভাৰতীয়মূলৰ লিলিয়ে ইউ টিউবাৰ হিচাপে যথেষ্ট জনপ্রিয়তা অর্জন কৰাৰ লগতে বছৰি তেওঁ ইউ টিউবৰ জৰিয়তে ৫০ কোটি টকাৰাে অধিক উপার্জন কৰি আহিছে।

ফ’বছ’ আলােচনীয়ে প্ৰস্তুত কৰা ইউ টিউবৰ তাৰকাৰ তালিকাত লিলিয়ে তৃতীয় স্থান লাভ কৰিছিল। স্মর্তব্য যে ভাৰতত কেন্দ্রীয় চৰকাৰৰ তিনিখন বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকে বিগত চাৰিমাহ ধৰি প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে।

Exit mobile version