বিজেপি দল সৰ্বশ্ৰেষ্ট মিছলীয়া দল : কেপিপিৰ সাধাৰন সম্পাদক উত্তম কুমাৰ ৰায়

8aee1d18 e6fa 44c1 89e3 4ca629eaa5af

কোচ কামতাপুৰীৰ আবেগ আৰু অনুভূতিক লৈ গঠন কৰা কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে ৰাজ্য আৰু কেন্দ্ৰৰ নেতৃত্বাধীন বিজেপি দলক সমালোচনা কৰি কয় বিজেপি দল ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া দল। বিজেপি দলৰ শীৰ্ষ নেতা সকল একোজন একোজন মিছা কথাৰ ভাণ্ডাৰ।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকৈ জনজাতিকৰণ নহ’ল ।ইফালে যোৱা কিছুদিন আগতে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শিলচৰৰ এখন জনসভাত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হৈ গ’ল বুলি ঘোষণা কৰে। ই প্ৰকাৰন্তৰে এক মিছা কথা বুলি সকলোৱে জানে ।

ঠিক একেদৰে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলে অসমক বাংলাদেশী মুক্ত কৰাৰ কথা কৈ পৰবৰ্তী সময়ত ‘কা’ ৰ দৰে এক বিসংগতি পূৰ্ণ কলা আইন আমাৰ ওপৰত জাপি দিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে ।অসমৰ খিলঞ্জীয়া দেশী মুছলমান সকলৰ সুকীয়া জৰীপ কৰাৰ কথা কৈ কোটি টকা বাজেট ধাৰ্য্য কৰা বুলি কৈছিল যদিও আজিও দেশী সকলৰ জৰীপৰ কোনো নাম গোন্ধই নাই বুলি অভিযোগ তোলে ।

এনেকৈ বিজেপি দল ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী বোৰক প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে । গতিকে সমাগত বিধানসভা নিৰ্বাচনত কে পি পি য়ে অতি কমেও ১৬ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি তেওঁলোকৰ মিথ্যাচাৰ ৰাইজৰ ওচৰত উদঙাই দি দলটোক উচিত শিক্ষা দিয়া হব বুলিও কয় কেপিপিৰ সাধাৰন সম্পাদকগৰাকীয়ে।

লগতে তেওঁ কয় যে অসম বিধানসভা নিৰ্বাচনত কেপিপিয়ে যি ১৬ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ যি প্ৰস্তুতি অব্যাহত ৰাখিছে তাৰ ভিতৰত চাৰি প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে । ইতিমধ্য ২৪ নং গৌৰিপুৰ আৰু বিলাসী পাৰা পূব সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী ক্ৰমে প্ৰাক্তন আৰক্ষী বিষয়া খগেন্দ্ৰ ৰায় আৰু প্ৰাক্তন ছাত্ৰনেতা জীতেন্দ্ৰ নাথ ৰায় তীব্ৰতৰ কৰিতুলিছে প্ৰচাৰ অভিযান ।

Exit mobile version