অম্বানীৰ গৃহৰ কাষত ৰখা গাড়ীৰ নম্বৰপ্লেট, পাঁচ লাখ টকা উদ্ধাৰ

mercedes vaze 660 170321085814

মংগলবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ)ৰ অধিকাৰীসকলে মুম্বাইৰ ক্ৰফ’ৰ্ড বজাৰৰ এটা পাৰ্কিং স্থলৰ পৰা এখন ক’লা ৰঙৰ মাৰ্চেডিজ বাজেয়াপ্ত কৰে । পাৰ্কিং স্থলৰ কাষতেই মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয় । বিগত কিছু দিনৰ পৰা গাড়ীখন সেই ঠাইতে আছিল ।

এনআইএ-ৰ সূত্ৰ অনুসৰি, গাড়ীখনৰ পৰা এটা নাম্বাৰ প্লেট উদ্ধাৰ হৈছে । নম্বৰপ্লেটটো আম্বানীৰ গৃহৰ কাষত ৰখা স্কৰপিঅ’ গাড়ীখনৰ বুলি জনোৱা হৈছে । লগতে মাৰ্চেডিজৰ পৰা নগদ পাঁচ লাখ টকা, পেট্ৰ’ল, ডিজেল, কেইজোৰমান কাপোৰ আৰু এটা টকা গণণা কৰা যন্ত্ৰ উদ্ধাৰ কৰা হৈছে ।

এনআইএ-ৰ আইজি অনিল শুক্লই সংবাদ মাধ্যমক জনায় যে, মাৰ্চেডিজখন ধৃত আৰক্ষীক সচিন বাজে ব্যৱহাৰ কৰিছিল । কালি সচিনৰ ছাকেট অঞ্চলৰ গৃহৰ পৰা তেওঁৰ এটা লেপটপ, আইপেড, ফোন, ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ আৰু চিচিটিভি ফুটেজ উদ্ধাৰ কৰিছে এনেআইএ ।

এনআইএ-ৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ আৰু চিচিটিভি ফুটেজৰ পৰা এই গোচৰটোৰ বহু সূত্ৰ লাভ কৰিব ।

ইপিনে, স্কৰপিঅ’ আৰু গাড়ীৰ স্বত্বাধিকাৰী মনসুখ হিৰেণৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ পাছতেই ক’লা মাৰ্চেডিজৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীৰ গোচৰটোৰ স’তে সচিন বাজে জড়িত হৈ থকাৰ সম্ভাৱনা আছে আৰু এই ঘটনাৰ স’তে কি কি সূত্ৰ জড়িত হৈ আছে তাৰ পুংখানুপুংখভাৱে পৰ্যৱেক্ষণ কৰিছে এনআইএ ।

Exit mobile version