ইউৰােপত খৰাং- উত্তাপ দুহেজাৰ বছৰৰ ভিতৰত অভিলেখ

drought europe heat summer

বিগত সাত-আঠ বছৰত ইউৰােপত খৰাঙে যিদৰে অনর্গলভাৱে তীব্রৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে, সেয়া বিগত দুহেজাৰ বছৰত এক অভিলেখ। সমগ্র ইউৰােপ মহাদেশত তাপপ্রবাহৰ ঘটনা আৰু তীব্রতা বহু গুণে বৃদ্ধি পাইছে। গােলকীয় উষ্ণতাৰ বাবেই এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ বাবে মানৱ জাতিয়েই দায়ী।

সাম্প্রতিক এক গৱেষণা পত্রই এই উদ্বেগজনক তথ্য দাঙি ধৰিছে। এই গৱেষণা পত্ৰখন প্রকাশিত হৈছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ জিঅ’ছান্সে’ত। পৃথিৱীত বিগত দুহেজাৰ বছৰৰ গড় তাপমাত্রাৰ ধাৰা বুজাৰ বাবে এদল গৱেষকে ৰােমান সাম্রাজ্যৰ সময়ক ১৪৭ জোপা ওক গছৰ গুৰিত থকা ১৭ হেজাৰ বলয় (ৰিং) পৰীক্ষা কৰিছিল।

গছৰ গুৰিত এটা বিন্দুক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে আগুৰি থকা যিটো সবাতােকৈ ডাঙৰ ব্যাসয়ৰ বলয় দেখা যায়, তাৰ সংখ্যাৰ নিৰিখতে গছৰ বয়স নির্ধাৰণ কৰা হয়।তাপমাত্রা বঢ়া-কমাৰ লগে লগে এই বলয়সমূহৰ আকাৰ আৰু ইটোৰ পৰা সিটোৰ দূৰত্ব বাঢ়ি যায়।গৱেষণাপত্ৰত কোৱা হৈছে যে ২০১৪ত যিদৰে অনর্গলভাৱে তাপপ্রবাহৰ তীব্ৰতা আৰু ঘটনাৰ সংখ্যা জাঁপ মৰাৰ দৰে বাঢ়িছিল সমগ্র ইউৰােপত, তাৰ ফলত তুলনাত কমবয়সীসকলৰ মৃত্যু,ফচল নষ্টৰ পৰিমাণ আৰু দাবানলৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

গৱেষকসকলে ২০১৮ পর্যন্ত পৃথিৱীৰ গড় তাপমাত্রাৰ এই ঊর্ধ্বগতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। অৱশ্যে তাৰ পাছতাে ২০১৯,২০২০ আৰু চলিত বছৰত খৰাং আৰু তাপমাত্রা বৃদ্ধি পাইছে। গৱেষকসকলে আশংকা কৰিছে যে সমগ্র ইউৰােপতে এই বছৰ এই খৰাং আৰু তাপপ্রবাহ তীব্রৰ পৰা তীব্ৰতৰ হৈ উঠিব। এনে ঘটনাৰ সংখ্যাও দ্রুতগতিৰে বাঢ়িব।

এয়াও দেখা গৈছে যে বিগত দুহেজাৰ বছৰত মধ্য ইউৰােপৰ গ্ৰীষ্ম ক্ৰমাৎ আৰু বেছি পৰিমাণে শুকান হৈ পৰিছে। আদ্রর্তাৰ পৰিমাণ আগতকৈ বহুখিনি হ্রাস পাইছে গ্রীষ্মত। বিজ্ঞানীসকলে লগতে জনাইছে যে ইয়াৰ বাবে আগ্নেয়গিৰি জাগ্রত হােৱা বা সৌৰচক্ৰৰ চৰিত্ৰৰ পৰিৱৰ্তন দায়ী নহয়। ইয়াৰ প্রধান কাৰণ হৈছে গােলকীয় উষ্ণতা। যাৰ বাবে দায়ী মানুহেই। লগতে গ্রীণ হাউছ গেছৰ নির্গমনৰ মাত্ৰাৰ সামগ্রিক বৃদ্ধি। আন কাৰণটো হৈছে।

পৃথিৱীৰ নিজৰ কক্ষপথত পৰিভ্ৰমণৰ সামান্য পৰিৱর্তন। আধুনিক সময়ৰ বিশ্বৰ গড় তাপমাত্রাৰ হেৰফেৰ বুজিবলৈ এতিয়াও থকা ওক গছসমূহৰ গুৰি পৰীক্ষা কৰিছিল গৱেষকসকলে। সেইদৰে মধ্যযুগৰ সময়খিনিক বুজাৰ বাবে তেওঁলােকে নদীৰ তলত পৰি থকা ওক গছৰ অৱশিষ্ট পৰীক্ষা কৰিছিল। আনহাতে, ৰােমান সাম্রাজ্যৰ গড় তাপমাত্রা পৰিৱর্তনৰ গতি-প্রকৃতি বুজিবলৈ গৱেষকসকলে সেইবােৰ কূপ পৰীক্ষা কৰিছিল, যিবােৰ অতীতত ওক গছৰ কাঠেৰে নিৰ্মাণ কৰা হৈছিল। অন্যতম গৱেষক কেম্বুিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক ওল্ফ বুনজেনে কয়, ‘আমি বিগত দুহেজাৰ বছৰত এক অবিশ্বাস্য আৰু উদ্বেগজনক পৰিৱৰ্তন লক্ষ্য কৰিছাে।

Exit mobile version