★ ফাইবাৰ হ’ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে দুইগ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক ।
★বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে । সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।
★ বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী । ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।
★বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।