কৰ’না আক্রান্ত বলিউডৰ প্ৰবীণ অভিনেতা সতীশ কৌশিক

Satish Kaushik1

কৰ’না আক্রান্ত বলিউডৰ প্ৰবীণ অভিনেতা সতীশ কৌশিক ।বুধবাৰে ক’ভিড প্ৰতিবেদন ইতিবাচক হোৱাৰ পাছতে সামাজিক মাধ্যমৰ যোগেদি এই কথা সদৰি কৰিছে অভিনেতাগৰাকীয়ে ।

ADVERTISEMENT

অভিনেতাগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক এটা ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনালে। জনপ্ৰিয় অভিনেতাজন বৰ্তমান নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে ।

৬৪ বছৰীয়া অভিনেতাজন ক’ভিড আক্ৰান্ত হোৱাৰ খবৰৰ শুনি অভিনেতাজনৰ দ্ৰুত সুস্থতাৰ কামনা কৰি শুভেচ্ছা বাৰ্তা পঠালে বলিউডল বিভিন্ন জন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ক্ৰমে অনুপম খেৰ, তুষাৰ কাপুৰ, অনুপ চনি, হংসাল মেহতা, কুষাণ নন্দীকে ধৰি কে’বাটাও।

অভিনেতাজনে কয় , ”মোৰ কৰ’না পজিটিভৰ । মই নিজকে ঘৰত কোৱাৰেন্টাইন কৰিছোঁ । আন্তৰিক অনুৰোধ, যিসকলে মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকেও পৰীক্ষাটো কৰা উচিত’।”

Exit mobile version