জন্মকোষ্ঠিৰ দোষ’ কাটিবলৈ নাবালকৰ স’তে বিবাহ গৃহশিক্ষয়িত্ৰীৰ

vachdego car suffocation

‘জন্মকোষ্ঠিৰ দোষ’ কাটিবলৈ পুৰোহিতৰ নিৰ্দেশত গৃহশিক্ষয়িত্ৰীয়ে বিয়া কৰালে তেওঁৰেই এজন নাবালক ছাত্ৰক । বুধবাৰে এই ঘটনা সংঘটিত হয় জলন্ধৰৰ বষ্টি বাওৱা খেল অঞ্চলত ।

জন্মকোষ্ঠিত মাংগলিক দোষ পোৱাত মহিলাগৰাকীৰ পৰিয়াল তেওঁৰ বিয়াক লৈ উদ্বিগ্ন হৈ পৰে । পুৰোহিতক ইয়াৰ প্ৰতিকাৰ বিচৰাত তেওঁ এজন নাবালকক বিয়া কৰালে এই দোষ কাটিব বুলি কয় । সেয়ে মহিলাগৰাকীয়ে তেওঁৰ শ্ৰেণীৰ ১৩ বছৰীয়া এজন নাবালকক বাচি লয় । তেওঁ নাবালকৰ পৰিয়ালক জনায় যে, পঢ়িবৰ বাবে শিশুটিয়ে তেওঁৰ গৃহত এসপ্তাহ থাকিব লাগিব ।

শিশুটি নিজ গৃহত উভতাৰ পাছত ঘটনা সন্দৰ্ভত পৰিয়ালক জনোৱাত ঘটনাটো প্ৰকাশ্যত আহে । নাবালকৰ পৰিয়ালবৰ্গই ইতিমধ্যে বষ্টি বাওৱা খেল থানাত গোচৰ ৰুজু কৰিছে ।

নাবালকে জনায় যে, তেওঁক লৈ অভিযুক্ত আৰু তেওঁৰ পৰিয়ালে জোৰ কৰি বৈবাহিক বিভিন্ন প্ৰথা পালন কৰে । ইয়াৰ পাছত মহিলাগৰাকীৰ হাতৰ খাৰু ভাঙি তেওঁক বিধৱা বুলি ঘোষণা কৰে । লগতে শোক সভাৰো আয়োজন কৰে ।

অভিযোগ দাখিল হোৱাৰ পাছত মহিলাগৰাকীয়ে থানাত গৈ বিষয়টো ঢাকি পেলোৱাৰ চেষ্টা কৰে । গোচৰ তুলি ল’বলৈ নাবালকৰ পৰিয়ালবৰ্গক চাপো প্ৰয়োগ কৰে ।

স্থানীয় ষ্টেচন হাউচ বিষয়া গগণদ্বীপ সিঙে জনায় যে, ইয়াৰ পাছতেই দুই পৰিয়ালৰ বুজাবুজিত অভিযোগ তুলি লোৱা হয় ।

জলন্ধৰৰ ডিএছপি গুৰমিত সিঙে জনায় যে, ঘটনাটোক লৈ তদন্ত অব্যাহত আছে, যিহেতু ল’ৰাজন নাবালক । তেওঁক এইদৰে গৃহবন্দী কৰি ৰখাও বেআইনী ।

Exit mobile version