অষ্ট্ৰেলিয়াত বৃষ্টিপাতৰ ফলত হোৱা বানৰ বাবে গণ উচ্ছেদ

i9d2p3e australia rains afp

আজি অষ্ট্ৰেলিয়াৰ পূৱ উপকূলৰ নিম্ন অঞ্চলসমূহ উচ্ছেদ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । অগতানুগতিক গৃষ্মৰ প্ৰাণনাশী বৰষুণৰ বাবে ইতিমধ্যে অঞ্চলটোত বানপানী হৈ গৈছে ।

আৰক্ষীয়ে জনায় যে, নিউ ছাউথ ওৱেলছ ৰাজ্যৰ ছীডনীৰ উত্তৰাঞ্চলৰ শতাধিক লোক উচ্ছেদ কেন্দ্ৰসমূহলৈ আশ্ৰয় বিচাৰি যায় । বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে, এইবাৰৰ বানে ছীডনীৰ পৰা প্ৰায় চাৰিশ কিলোমিটাৰ (২৪০ মাইল) মেকুৱেৰি ঘাটৰ বাহিৰৰ হেষ্টিং নদীৰ উপকূলৰ ২০১৩ৰ বানৰ মাত্ৰা অতিক্ৰম কৰিছে ।

শুকুৰবাৰে পুৱাই চহৰখনত তিনিশ মিলিলিটাৰৰো অধিক বৃষ্টিপাত হৈছে । এই বৃষ্টিপাতে প্ৰাণনাশী বানৰ সংকেত দিছে । বানপানী আৰু পৰিৱৰ্তীত বতৰৰ বাবে মেকুৱেৰি ঘাটৰ পৰা পাঁচশ কিলোমিটাৰ দক্ষিণত প্ৰসাৰিত বাসিন্দাসকলক গৃহৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছিল ।

জৰুৰী পৰিসেৱাসমূহলৈ সহায়ৰ বাবে পাঁচশৰো অধিক ফোন আহিছিল । প্ৰভাৱিত অঞ্চলৰ উত্তৰত সেই নিশাই প্ৰায় ১৮০ জন বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা হয় ।

Exit mobile version