মৰুভূমিৰ গুহাত উদ্ধাৰ ছয় হেজাৰ বছৰ পুৰণি কংকাল, মুদ্ৰা

An archeologist in the Cave of Horror where rare bible scroll mummiffied skelaton

মৰুভূমিৰ মাজত এটা গুহা । গুহাটোৰ নাম ‘কেভ অৱ হৰ’ৰ’ অৰ্থাৎ আতংকৰ গুহা । জনশূণ্য এই গুহাৰ আছে এটা মৰ্মান্তিক ইতিহাস । মৰুভূমিৰ শুষ্ক বতাহত মমি হৈ সংৰক্ষিত হৈ আছে সেই ইতিহাসৰ কিছু অংশ ।

এসময়ত ৰোমান সাম্ৰাজ্যৰ আগ্ৰাসনৰ বিৰুদ্ধে ইহুদীসকলে বিদ্ৰোহ ঘোষণা কৰিছিল । সেই বিদ্ৰোহত প্ৰাণ হেৰুৱাইছিল বহু ইহুদীয়ে । বহুসংখ্যক ইহুদীক গুহাৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি গুহাৰ ভিতৰত ৰখা হৈছিল মৃত্যুৰ বাবে ।

অনাহাৰে থাকোঁতে থাকোঁতে এজন এজনকৈ সকলো বন্দী বিদ্ৰোহীৰ মৃত্যু হয় । ১৯৬০ত এই গুহাৰ পৰা ৪০টা নৰ কংকাল উদ্ধাৰ হয় । সেই কংকাল গৱেষণা কৰিয়ে ইহুদী বিদ্ৰোহীসকলৰ এই মৰ্মান্তিক পৰিণতিৰ কথা জনা যায় ।

সেয়ে গুহাটোক ‘কেভ অৱ হৰ’ৰ’ নামকৰণ কৰা হয় । সেই যুদ্ধত পাঁচ লাখ ইহুদীয়ে প্ৰাণ হেৰুৱাইছিল । মৃত্যুৰ ভয়ত বহুতেই অঞ্চল ত্যাগ কৰিছিল ।

এই গুহাটো ইজৰাইলৰ জুডিয়ান মৰুভূমিত অৱস্থিত । ১৩২ আৰু ১৩৫ খ্ৰীষ্টাব্দৰ ভিতৰত এই মৰুভূমিতে যুদ্ধ হৈছিল । বিশেষজ্ঞসকলে অনুমান কৰে যে, গুহাৰ শিলৰ ভাঁজে ভাঁজে এনে বহু মৰ্মান্তিক ইতিহাসৰ চাপ আছে ।

সম্প্ৰতি গুহাৰ পৰা এটি শিশুৰ কংকাল উদ্ধাৰ হৈছে । শিশুটিৰ বয়স ছয় হেজাৰ বছৰ । গুহাৰ ভিতৰত দুটা শিলৰ মাজত আছিল কংকালটো । গৱেষকৰ এটা দলে শিল আঁতৰাই কংকালটো উদ্ধাৰ কৰে । গৱেষণাত পোৱা গৈছে যে, এইটো এটি কন্যা শিশুৰ কংকাল । মৃত্যুৰ সময়ত যাৰ বয়স আছিল ছয়ৰ পৰা ১২ বছৰৰ ভিতৰত ।

শিশুটিৰ শৰীৰ চাদৰেৰে ঢাকি থোৱা আছিল । ইমান বৰ্ষ পূৰ্বে এই ধৰণৰ চাদৰৰ ব্যৱহাৰ দেখি গৱেষকসকল বিস্মিত হয় । লগতে গুহাটোত ১০ বছৰ পুৰণি টুকুৰি আৰু কিছুসংখ্যক মুদ্ৰাৰৰ লগতে কানি-কাপোৰো উদ্ধাৰ কৰা হৈছে ।

উদ্ধাৰ হোৱা ছয় হেজাৰ বছৰ পুৰণি শিশুৰ কংকাল আৰু ১০ হেজাৰ বছৰৰ পুৰণি টুকুৰি দেখি গৱেষকসকলে অনুমান কৰিছিল যে, এসময়ত গুহাত মানুহৰ বাস আছিল । গুহাত বন্দী হৈ থকা অৱস্থাতো নতুন জীৱনৰ আশা কৰিছিল তেওঁলোকে । হয়তো যুদ্ধত জয়ী হৈ নতুনকৈ জীৱন আৰম্ভ কৰিব বুলি আশা কৰিছিল । সেয়ে নিজৰ স’তে মুদ্ৰা, কাপোৰ ৰাখিছিল ।

গুহাৰ পৰা উদ্ধাৰ হোৱা যাৱতীয় সম্পদসমূহৰ পৰা সেই সময়ৰ মানুহৰ জীৱনশৈলী সম্পৰ্কে বিশদ ধাৰণা পোৱা যাব বুলি মত পোষণ কৰে গৱেষকসকলে ।

সম্প্ৰতি অনুসন্ধানৰ সময়ত গুহাৰ পৰা উদ্ধাৰ হৈছে বহু পৰিমাণৰ নথিৰ অংশও । সেই নথিত ইহুদী-ৰোমানসকলৰ যুদ্ধ সংক্ৰান্ত বিভিন্ন তথ্য আছে । ইয়াৰ আখৰবোৰো সমসাময়িক পাণ্ডুলিপিৰ পৰা বহুত পৃথক ।

Exit mobile version