ফিউছাৰ-আমাজন গোচৰত নতুন নিৰ্দেশ দিল্লী উচ্চতম ন্যায়ালয়ৰ ডিভিছন বেঞ্চৰ

80823847

আমাজন বনাম ফিউছাৰ কুপন্স প্ৰাইভেট লিমিটেড গোচৰত বিচাৰক বেঞ্চৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ দিলে দিল্লী উচ্চতম ন্যায়ালয়ৰ ডিভিছন বেঞ্চে । বিগত সপ্তাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে আৰ মৃধাই ফিউছাৰৰ মুৰব্বী কিশোৰ বিয়ানিসহ ১০ বিনিয়োগকাৰীৰ সম্পত্তিৰ একাংশ বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । আজি দিল্লী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেলৰ নেতৃত্বাধীন ডিভিছন বেঞ্চে সেই নিৰ্দেশৰ ওপৰত স্থগিতাদেশ দিয়ে ।

এই অভিযোগৰ পৰৱৰ্তী শুনানি হ’ব আগন্তুক ৩০ এপ্ৰিলত । দিল্লী উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ আমাজন-ফিউছাৰৰ গোচৰক নতুন ৰূপ দিব পাৰে । বিয়ানিৰ সংস্থা ফিউছাৰ ৰিটেল লিমিটেড (এফআৰএল)ৰ স’তে মুকেশ অম্বানীৰ ৰিলায়েন্স ভেঞ্চাৰ্ছ (আৰআৰভিএল)ৰ খুচুৰা, পাইকাৰী, গুদাম আৰু পণ্য পৰিৱহণ ব্যৱস্থা বিক্ৰী সন্দৰ্ভত ২৪,৭১৩ কোটি টকাৰ চুক্তি হৈছিল । আমেৰিকাৰ ই-কমাৰ্ছ সংস্থা আমাজনে এই চুক্তিৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

ফিউছাৰ ৰিটেলৰ ৭.৩ শতাংশ অংশীদাৰীত্ব আছে ফিউছাৰ কুপনছৰ স’তে । আমাজনৰ দাবী, ফিউছাৰ কুপনছৰ ৪৯ শতাংশ অংশীদাৰী ক্ৰয় কৰাৰ বিষয়ত তেওঁলোকৰ স’তে পূৰ্বেই চুক্তি হয় । ফিউছাৰ ৰিলায়েন্স চুক্তিত অনুমোদন পত্ৰ প্ৰদান নকৰিবলৈ বজাৰ নিয়মক সংস্থা ‘ছেবি’ক আবেদন কৰিছিল আমাজনে । যোৱা ডিচেম্বৰত দিল্লী উচ্চতম ন্যায়ালয়ৰ বিচাৰক বেঞ্চে এই চুক্তিৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা আমাজনৰ আবেদনক খাৰিজ কৰি দিয়ে ।

দিল্লীৰ এক বিচাৰক বেঞ্চে তেওঁলোকৰ পৰ্যৱেক্ষণত ফিউছাৰ-ৰিলায়েন্স চুক্তিত আমাজনৰ সন্মতি অপৰিহাৰ্য নহয় বুলিও জনায় । অথচ অভিযোগটো এই পৰ্যন্ত বিচাৰাধীন । ছিংগাপুৰৰ ছালিছি ন্যায়ালয়ে এই সন্দৰ্ভত আমাজনৰ পক্ষত ৰায় দান কৰে । ছিংগাপুৰৰ ন্যায়ালয়ে কয় যে, চূড়ান্ত আইনি সিদ্ধান্ত গ্ৰহণ নকৰালৈকে ফিউছাৰে তেওঁলোকৰ ব্যৱসায়ৰ কোনো অংশ অম্বানীক বিক্ৰী কৰিব নোৱাৰিব ।

এই পৰিস্থিতিতে যোৱা ১৮ মাৰ্চত ন্যায়াধীশ মৃধাৰ বেঞ্চে নিয়ন উলংঘা কৰি ৰিলায়েন্সৰ স’তে চুক্তিৰ বাবে বিয়ানি আৰু সহ-অংশিদাৰীসকলক ২০ লাখ টকা প্ৰধানমন্ত্ৰীৰ ত্ৰাণ তহবিলত জমা কৰাৰ নিৰ্দেশ দিয়ে । ইয়াৰ ওপৰতে উচ্চতৰ বেঞ্চে স্থগিতাদেশ জাৰি কৰে ।

Exit mobile version