সিন্ধুৰ জল বণ্টন সন্দৰ্ভত দুবছৰ পাছত আলোচনাত মিলিত হ’ব ভাৰত-পাকিস্তান

bhakranangaldam

সিন্ধুৰ জল বণ্টন সন্দৰ্ভত আলোচনাত মিলিত হ’ব ভাৰত আৰু পাকিস্তান । মংগলবাৰৰ পৰা দিল্লীত আৰম্ভ হ’ব বৈঠক । দুই বছৰ পাছত আলোচনাত মিলিত হ’ব দুই দেশ । সিন্ধুৰ জল বণ্টন বিষয়ত দুই দেশৰ অধিকাৰীসকলে নিজৰ মতামত জনাব এই বৈঠকত ।

পাকিস্তানে জনায় যে, পাৰ্মানেণ্ট ইণ্ডাছ কমিচনৰ ১১৬ তম বৈঠকত যোগ দিবলৈ আৰু পানী সংক্ৰান্ত বিভিন্ন বিষয়ত আলোচনাৰ বাবে তেওঁলোকৰ প্ৰতিনিধি দল ভাৰতলৈ আহিব । লাডাখত বহু জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিছে ভাৰতে । এই প্ৰকল্পসমূহক লৈ প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানে । এই‌ বিষয়তো আলোচনা হ’ব বৈঠকত ।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ জাহিদ হাফিজ চৌধুৰীয়ে কয়, ‘চুক্তিত বহুতো বিষয় অন্তৰ্ভুক্ত হৈ আছে । পাকাল দোল আৰু ল’ৱাৰ কলনাই হাইড্ৰ’ইলেক্ট্ৰ’নিক প্লাণ্ট সন্দৰ্ভত আমি আমাৰ আপত্তি জনাইছো । এই বিষয়সমূহত এইবাৰ আলোচনা হ’ব ।’

এই বৈঠকত পাকিস্তানৰ হৈ প্ৰতিনিধিত্ব কৰিব পাকিস্তানৰ সিন্ধু জল বণ্টন প্ৰকল্পৰ আয়োগ মোহম্মদ মেহেৰ আলী শ্বাহে । ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব ভাৰতৰ সিন্ধু জল বণ্টন প্ৰকল্পৰ আয়োগ পি কে ছক্সেনাই । লগতে, ভাৰতৰ কেন্দ্ৰীয় জল আয়োগ, কেন্দ্ৰীয় বিদ্যুৎ পৰিষদ, ৰাষ্ট্ৰীয় জলবিদ্যুৎ আয়োগৰ অধিকাৰীসকলো এই বৈঠকত উপস্থিত থাকিব ।

সিন্ধু জল বণ্টন চুক্তিৰ নিয়ম অনুসৰি, প্ৰতি বছৰে ভাৰত অথবা পাকিস্তানত দুই দেশৰ প্ৰতিনিধিসকলে আলোচনাত মিলিত হ’ব লাগে । জম্মু-কাশ্মীৰৰ ওপৰত বিশেষ মৰ্য্যদা তুলি লোৱাৰ পাছত এয়ে প্ৰথম বৈঠকত মিলিত হ’ব দুই দেশ । দুই দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ’ব এই বৈঠক ।

Exit mobile version