কে’বাশতাধিক দলীয় সমৰ্থকৰ উপস্থিতিত সেৰফাংগুৰীত বিপিএফৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ উদ্বোধন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

WhatsApp Image 2021 03 23 at 5.57.28 PM

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি হৈছে । কিছুসংখ্যকে নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰাৰ সময়তে কিছুসংখ্যকে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে । এই ক্ষেত্ৰত পিছ পৰি থকা নাই হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলেও ।

আজি অসম বিধাানসভা সমষ্টিৰ ২৯নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধীনস্থ সেৰফানগুৰী, নেপালপাৰা, ৰমনীআশ্ৰম আদি অঞ্চলত নিৰ্বাচন পৰিচালনা কৰিবলৈ নিৰ্বাচনী উপ-কাৰ্যালয়সমূহৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিপিএফ দলৰ প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । অনুষ্ঠানখনত বিধায়ক তথা বিপিএফ দলৰ প্ৰাৰ্থী জন উপস্থিত হোৱাৰ লগে লগেই দলীয় সমৰ্থকসকলে ঢোলে-ডগৰে আয়তিয়ে উৰুলি দি নৃত্যৰে তেওঁক আদৰণি জনায় ।

সেৰফাংগুৰী নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি পুৱা বিপিএফৰ দলীয় পতাকা উদ্বোধন কৰি অনুষ্ঠানৰ আৰম্ভ কৰে সেৰফাংগুৰী প্ৰাইমাৰী বিপিএফৰ সভাপতি সম্পাদক সৌৰাং নাৰ্জাৰী আৰু সৌৰাং ব্ৰহ্মই । ইয়াৰ পাছত কে’বাশতাধিক সমৰ্থকৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ উপস্থিতিতেই ফিতা কাটি কাৰ্য্যালয়টো উদ্বোধন কৰে প্ৰাৰ্থী নাৰ্জাৰীয়ে ।

কাৰ্য্যালয়টো উদ্বোধনৰ লগতে এক নিৰ্বাচনী প্ৰচাৰ সভাও অনুষ্ঠিত কৰে । উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত সেৰফাংগুৰী অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি মদাৰাম নাৰ্জাৰীৰসহ বকুল ব্ৰহ্ম, আজগৰ আলী, এমচিএল এ প্ৰকাশ বসুমাতাৰীও উপস্থিত থাকি বিপিএফ দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।

আজিৰ দিনটোতে ইপিনে ৩০ নং কোকৰাঝাৰ জনজাতি সমষ্টিৰ ৰামফলবিল , শিয়ালমাৰী, গৈজন পুৰি আদি অঞ্চলত দোতমা সমষ্টিৰ এমচিএল এ প্ৰকাশ বসুমাতাৰীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ৰ উদ্বোধন কৰে ।

Exit mobile version