ভাৰতত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ আশংকাৰ মাজতেই ১৮খন ৰাজ্যত সন্ধান পোৱা গ’ল কৰ’নাৰ নতুন ৰূপৰ

79775701

কৰ’না ভাইৰাছৰ নতুন ৰূপৰ সন্ধান পোৱা গৈছে ভাৰতত । কৰ’নাৰ দ্বিতীয় ঢৌৰ আশংকাৰ মাজতেই আজি কেন্দ্ৰই জনালে, ১৮খন ৰাজ্যত কৰ’নাৰ নতুন ৰূপৰ সন্ধান পোৱা গৈছে । এই নতুন অৱতাৰৰ দুবাৰ মিউটেছন ঘটিছে । কৰ’নাৰ নতুন প্ৰকাৰবিধেই দেশত বৃদ্ধি হোৱা সংক্ৰমণৰ কাৰণ হয় নে নহয় এই বিষয়ত কোনো স্পষ্ট তথ্য প্ৰাপ্ত হোৱা নাই ।

চৰকাৰী বিবৃতিত জনোৱা হৈছে, দেশত যিসমূহ কৰ’না ভাইৰাছৰ প্ৰকাৰক লৈ উদ্বেগ সৃষ্টি হৈছে নতুন প্ৰকাৰটো ইয়াৰ ভিতৰত অন্যতম । নতুনকৈ কৰ’না ভাইৰাছৰ স’তে যুঁজা আৰু কঠিন হৈ পৰিছে বুলি মত প্ৰকাশ কৰা হৈছে ।

কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰটোৱে দুবাৰ মিউটেছন কৰে বুলি জনাইছে কেন্দ্ৰই । অৰ্থাৎ দুবাৰ নিজকে পৰিৱৰ্তন কৰিছে ভাইৰাছে । কৰ’না ভাইৰাছৰ ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ প্ৰকাৰতকৈ পৃথক ভাৰতত সন্ধান লাভ কৰা কৰ’না ভাইৰাছৰ প্ৰকাৰ ।

কেন্দ্ৰই বিবৃতিত জনায় যে, ভাৰতত ইতিমধ্যে ৭৩৬জন লোকৰ দেহত ব্ৰিটেইনৰ প্ৰকাৰৰ নমুনা পোৱা গৈছে । ৩৪ টা দক্ষিণ আফ্ৰিকাৰ প্ৰকাৰৰ নমুনা আৰু এটা ব্ৰাজিলৰ প্ৰকাৰৰ নমুনা লাভ কৰা গৈছে ।

Exit mobile version