অক্সফ’ৰ্ডৰ প্ৰতিষেধক ৰপ্তানি সাময়িকভাৱে স্থগিত ৰাখিছে ভাৰতে

সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত চাহিদা বৃদ্ধি

2020 12 30T071739Z 1567428111 RC2JXK9THVGF RTRMADP 3 HEALTH CORONAVIRUS BRITAIN VACCINE

অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক ৰপ্তানি সাময়িকভাৱে বন্ধ ৰাখিছে ভাৰতে । দেশত কৰ’না দ্বিতীয় ঢৌ অহাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰতৰ ছেৰাম ইনষ্টিটিউটত অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক প্ৰস্তুত কৰা হয় । এইটো বিশ্বৰ বৃহত্তম প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা । সমগ্ৰ বিশ্বত ছেৰামৰ প্ৰতিষেধক ৰপ্তানি কৰা হয় । দেশত সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত প্ৰতিষেধকৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে বৃহৎ সংখ্যাত ৰপ্তানি বন্ধ কৰিছে ভাৰতে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ন্ত্ৰণাধীন ক’ভিক্স প্ৰতিষেধক সৰবৰাহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব । বিশ্বৰ ৬৪খন নিম্ন আয়ৰ দেশত প্ৰতিষেধক সৰবৰাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । ইতিমধ্যে ক’ভিক্স সংগঠনে ছেৰামৰ এক কোটি ৭০ লাখ কৰ’না প্ৰতিষেধক লাভ কৰিছে । অৱশ্যে সম্প্ৰতি এই সৰবৰাহ স্থগিত ৰখা হৈছে ।

বিশ্ব স্বাস্থ্য সংস্থাই জনায়, ‘ৰপ্তানিৰ অনুমতি লাভ নকৰাৰ বাবে নিম্ন আয়ৰ দেশসমূহত কৰ’নাৰ প্ৰতিষেক সৰবৰাহ কৰাত সাময়িক পলম হ’ব পাৰে । ছেৰাম ইনষ্টিটিউটে মাৰ্চ আৰু এপ্ৰিলত ৰপ্তানি কৰিবলগীয়া প্ৰতিষেধকসমূহ সামান্য পলমকৈয়ে লাভ কৰিব ।’

চৰকাৰী সূত্ৰ অনুসৰি, যোৱা বৃহস্পতিবাৰৰ পৰা প্ৰতিষেধক ৰপ্তানি কৰা হোৱা নাই । কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই সংবাদ মাধ্যমক জনায়, ‘সকলোৱছ এখোঁজ পিছুৱাই গৈছে । স্থায়ীভাৱে নহ’লেও সাময়িকভাৱে ।’ বিশ্ব স্বাস্থ্য সংস্থাই আশ্বাস দিছে যে, ভাৰত চৰকাৰে অতি শীঘ্ৰে এই সমস্যা সমাধান কৰি ৰপ্তানি আৰম্ভ কৰিব ।

অক্সফ’ৰ্ডৰ প্ৰতিষেধকৰ এক বিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে আমেৰিকাত । প্ৰতিবেদন অনুসৰি, প্ৰতিষেধকটো মানৱ শৰীৰত ৭৬ শতাংশ কাৰ্যকৰী । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত এটা পৰীক্ষামূলক প্ৰয়োগৰ ভিত্তিত নিৰ্মিত প্ৰতিবেদনত কোৱা হৈছিল যে, কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাত প্ৰতিষেধকটো ৭৯ শতাংশ কাৰ্যকৰী । ৩২ হেজাৰৰো অধিক লোকৰ শৰীৰত প্ৰতিষেধক প্ৰয়োগ কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

Exit mobile version