তিনিচুকীয়াত নৱগঠিত মটক স্বায়ত্তশাসিত পৰিষদৰ সংবাদ মেল

Screenshot 271

তিনিচুকীয়াৰ প্ৰেছ ক্লাৱত সংবাদ মেলক সম্বোধন কৰি মটক জনগোষ্ঠীৰ লোকসকলক অগপ-বিজেপিৰ মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান স্বায়ত্বশাসিত পৰিষদৰ ।

মিত্ৰজোঁট চৰকাৰখনে মাত্র পাঁচ বছৰীয়া কার্যকালত জনগােষ্ঠীৰ বাবে ১২৫ কোটি টকা বিশেষ পেকেজ প্রদান কৰাৰ উপৰিও জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে চৰকাৰখনে যথেষ্ট কাম কৰে বুলি উল্লেখ কৰি সকলোকে বিজেপিক ভোটদানৰ আহ্বান জনায় নৱগঠিত পৰিষদখনে ।

ইফালে, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ নাগৰিকত্ব সংশোধনী আইনখনৰ কথা উল্লেখ কৰাৰ পাছতো গেৰুৱা দলটোক সমৰ্থন কৰাৰ সন্দৰ্ভত সাংবাদিকে সুধা প্ৰশ্নক আওপকীয়াকৈ ফালৰি কাটে পৰিষদে ৷

Exit mobile version