হাতৰ কাম নাই, বৈঠালাংছ’ সমষ্টিত কেৱল পদুম ফুলহে ফুলিবঃ মঙ্গলছিং তিমুং

WhatsApp Image 2021 03 25 at 5.54.52 PM

সন্মুখত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমূহৰ নেতা কৰ্মীৰ গাত তৎ নোহোৱা হৈছে। দিন-ৰাতি একাকাৰ কৰি প্ৰতিটো ৰাজনৈতিক দলেই মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায় নিজৰ শক্তি প্ৰদৰ্শন আৰু আসন দখলৰ আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত।

আজি পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ’ বিধানসভা সমষ্টিৰ হামৰেণৰ নক-তেৰাং, ৰং-কাৰ্বি, পৰ্ব্বত আৰু ৰংচিন্দনত ধাৰাবাহিকভাৱে চাৰিখনকৈ বিজেপিৰ নিৰ্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰে হামৰেণ বিজেপিয়ে। উল্লেখযোগ্য যে বিজেপিৰ প্ৰাৰ্থী ৰূপছিং টেৰণৰ উপস্থিতিত প্ৰাৰ্থীগৰাকীৰ হৈ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে তীব্রতৰ নিৰ্বাচনী প্ৰচাৰ চলায় উক্ত উল্লেখিত স্থানসমূহত।

সভা কেইখনত উপস্থিত থকা কে’বা শতাধিক ৰাইজক সম্বোধন কৰি তিমুঙে মন্তব্য কৰে, ‘পাহাৰীয়া জিলাত হাতৰ অৰ্থাৎ কংগ্ৰেছৰ কোনো কাম নাই, বৈঠালাংছ’ সমষ্টিত কেৱল পদুম ফুলহে ফুলিব ।’ বৈঠালাংছ’ সমষ্টিত বিজেপিৰ জয় একেবাৰে নিশ্চিত কাৰণ এই সমষ্টিত আন কোনো শক্তিশালী প্ৰতিদ্বন্দী নাই বুলিও দাবী কৰে তিমুঙে।

লগতে তিমুঙে প্ৰকাশ কৰে যে, কংগ্ৰেছে যিমান উন্নয়ন-বিকাশ সাধন কৰিছিল ততাতকৈ তিনি-চাৰি গুণ অধিক উন্নয়ন আৰু বিকাশ কম সময়ৰ ভিতৰত বিজেপিয়ে কৰি ৰাইজক উপহাৰ দিছে। ইপিনে, সভাসমূহত উপস্থিত থকা প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ অভিবাদন গ্ৰহণ কৰি ৰাইজক বিজেপিত ভোটদান কৰি বিপুল ভোটেৰে বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আৰু অসমত বিজেপিৰ চৰকাৰ গঠন কৰাত সহায়-সহযোগ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, পৰ্ব্বতত অনুষ্ঠিত হোৱা সভাত ন টাকৈ পৰিয়ালে কংগ্ৰেছ-এএছডিচি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰে।

Exit mobile version