কচুগাঁৱৰ ৰামপুৰত ইউপিপিএলৰ নিৰ্বাচনী সভা

WhatsApp Image 2021 03 26 at 12.39.37 PM

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। এই ক্ষেত্রত পিছ পৰি থকা নাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলো । আজি কচুগাঁৱৰ ৰামপুৰত এখন সভা অনুষ্ঠিত কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী মনোৰঞ্জন ব্ৰহ্মসহ ইউপিপিএল দলৰ অন্যান্য বিষয়ববীয়াসকল।

উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতেই ইউপিপিএল দলৰ মনোনীত প্রার্থী ব্ৰহ্মই কয়, ‘মই নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰিম।’

কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ পথৰ লগতে বহু সমস্যা আছে এই সকলোবোৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰিও সকলো জাতি জনগোষ্ঠীৰ বাবে এটাকৈ অতিথিশালা নিৰ্মাণ কৰিব বুলিও সদৰি কৰে মনোৰঞ্জন ব্ৰহ্মই।

Exit mobile version