পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দৈয়াংমুখত শোকাবহ দুৰ্ঘটনা

কঁপিলী নদীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰৰ

WhatsApp Image 2021 03 26 at 12.38.42 PM

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দৈয়াংমুখত শোকাবহ দুৰ্ঘটনা। কঁপিলী নদীত গা ধুবলৈ গৈ দুই কিশোৰে প্ৰাণ হেৰুৱাই । মৃত কিশোৰ দুটি হৈছে দেব ছেত্ৰী(১৫) আৰু মনদীপ ছেত্ৰী (১৪)। এজন অষ্টম আৰু আনজন দশম শ্ৰেণীৰ ছাত্ৰ আছিল।

উল্লেখ্য যে, খেৰণি থানা অন্তৰ্গত কঁপিলী নদীৰ কালীঘাত নামৰ ঠাইত অৱস্থিত জলসিঞ্চন প্ৰকল্পত বৃহস্প্ৰতিবাৰৰ আবেলি দেব ছেত্ৰী আৰু মনদীপ ছেত্ৰী নামৰ দুই কিশোৰে নদীৰ পাৰে পাৰে ছাগলী চৰাবলৈ গৈ অৱশেষত দুয়োৱে নদীত গা ধুবলৈ নামি একে মৃত্যুক সাৱটি লয় । ঘটনাটোৱে ইতিমধ্যে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

স্থানীয় সাহসী যুৱক বিক্ৰম ছেত্ৰীৰ তৎপৰতাত এজনৰ মৃতদেহ কালি সন্ধিয়া উদ্ধাৰ কৰাৰ বিপৰীতে আন এজনৰ মৃতদেহ আজি পুৱা ভাগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে মৰোণোত্তৰ পৰীক্ষাৰ বাবে দুয়োৰে মৃতদেহ ডিফুলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Exit mobile version