বাগ্‌সাত বন মাফিয়াৰ দৌৰাত্ম্য

হাকোৱা নৈৰ অবৈধ খনন বন্ধ কৰিবলৈ যোৱা ৰাইজক দা-লাঠিৰে আক্ৰমণ বন মাফিয়া দলৰ

WhatsApp Image 2021 03 26 at 6.59.40 PM

বাগ্‌সাত বন মাফিয়াৰ তাণ্ডৱ ৷ বাগ্‌সাৰ শালবাৰীৰ খাৰিজা বিজনীৰ হাকোৱা নৈত অবৈধ খননৰ বিৰুদ্ধে মাত মাতিব  যোৱা ৰাইজক বন মাফিয়াৰ বৰ্বৰ আক্ৰমণ ৷ বন মাফিয়া দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পুৰুষ, মহিলাসহ ছগৰাকীকৈ লোক ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ছামথায়বাৰী আৰু মোখনাবাৰী গাঁও দুখনৰ কাষেৰে যোৱা হাকোৱা নৈখনত একাংশ বন মাফিয়াই অবৈধ খনন কাৰ্য চলাই আহিছিল ৷ কিছুদিন পূৰ্বে স্থানীয় ছামথায়বাৰী গাঁৱৰ ৰাইজে নৈখনত খনন বন্ধ কৰিবলৈ আহ্বান জনাইছিল যদিও সেই আহ্বানক গুৰুত্ব নিদি বন মাফিয়াৰ দলে নিৰ্বিঘ্নে চলাই গৈছিল  খননকাৰ্য ৷

ৰাইজৰ আহ্বানক কেৰেপ নকৰি অবৈধ খনন অব্যাহত ৰখাত আজি গাঁওখনৰ একাংশ পুৰুষ, মহিলাই অবৈধ শিল বালিৰ মহলটোত উপস্থিত হৈ উক্ত খনন বন্ধ কৰাৰ বাবে পুনৰ আহ্বান জনায় ৷ ইয়াৰ পাছতে খনন কাৰ্যৰ স’তে জড়িত একাংশ বন মাফিয়াই গাঁওবাসীৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে ৷ হাতে-হাতে দা, লাঠি, বাঁহৰ টুকুৰা আদি লৈ আক্ৰমণ কৰে ৰাইজৰ ওপৰত ৷ এই আক্ৰমণত ৰাজীৱ নাৰ্জাৰী, মেজিং নাৰ্জাৰী, মেৰ্‌গা নাৰ্জাৰী, ৰহিনী নাৰ্জাৰী, ৰহিনী বসুমতাৰী, বুদমাৰী বসুমতাৰীসহ বহু লোক গুৰুতৰভাৱে আহত হয় ৷

ঘটনাস্থলীত লাৱদাংগুৰি আৰক্ষী চকীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই উক্ত খননত ব্যৱহৃত জেচিবি, ডাম্পাৰসহ পলায়ন কৰে বন মাফিয়াৰ দলটোৱে ৷ লগে লগেই আঘাতপ্ৰাপ্ত পুৰুষ, মহিলাকেইগৰাকীক আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে চিকিৎসাৰ বাবে বৰপেটা ৰোড চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

উক্ত ঘটনাৰ পাছতে বন মাফিয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজে বিভিন্ন শ্লোগান দি অবৈধ খনন আৰু আক্ৰমণৰ সৈতে জড়িত দুস্কৃতিকাৰীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় ৷ ৰাজ্যৰ লগতে বিটিচি চৰকাৰৰ বিয়াগোম বন বিভাগ থকাৰ পাছতো কেনেদৰে এনে ঘটনা সংঘটিত হ’বলৈ পালে তাক লৈ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷

ইতিমধ্যে ভূক্তভোগী ৰাইজে স্থানীয় লাৱদাংগুৰি আৰক্ষী চকীত ঘটনাৰ স’তে জড়িত জগত কছাৰী, ৰাজু বড়ো, চমদান গয়াৰী, চুৰজামাল আলী, মফিদুল আলীকে ধৰি বহুকেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

Exit mobile version