কৰ’না আক্ৰান্ত শচীন তেণ্ডুলকাৰ, নিজেই টুইট কৰি জনালে

966464 846984 833139 sachin tendulkar

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ক’ভিড আক্ৰান্ত । তেওঁ কিছুদিন পূৰ্বেই বিশ্ব পথ সুৰক্ষা ছিৰিজত খেলিছিল । আজি নিজে টুইট কৰি এই তথ্য সদৰী কৰে ।

তেণ্ডুলকাৰে টুইটত লিখে, ‘মই পৰীক্ষা কৰাইছিলো । নিজকে কৰ’নামুক্ত ৰাখিবৰ বাবে যথেষ্ট চেষ্টা কৰিছো । আজি মই কৰ’না আক্ৰান্ত । গৃহতে কুৱাৰেনটাইন হৈ আছো । পৰিয়ালৰ বাকী সকলোৰে ক’ভিড পৰীক্ষণ নিগেটিভ আহিছে । চিকিৎসকসকলৰ পৰামৰ্শ মানি চলিছো । সকলো স্বাস্থ্যকৰ্মীকে ধন্যবাদ মোৰ লগত থকাৰ বাবে । সকলোৱে সতৰ্ক থাকক ।’

৪৭ বছৰীয়া মাষ্টাৰ ব্লাষ্টাৰে আগন্তুক ২৪ এপ্ৰিলত ৪৮ বছৰ বয়সত ভৰি দিব । ১৯৮৯ত ভাৰতীয় ক্ৰিকেট দলত যোগ দিয়ে তেণ্ডুলকাৰে । শতৰাণকাৰী খেলুৱৈজনে ২০১৩ত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । ২০১১ত বিশ্বকাপ জয়ী দলৰ অন্যতম সদস্য আছিল তেঁৱো ।

Exit mobile version