ডিব্ৰুগড়ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভোটাধিকাৰ সাব্যস্ত

টুইটযুগে যুৱ প্ৰজন্মক ভোটদানৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ

আজি অসমত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন সম্পন্ন হয় । ডিব্ৰুগড়ৰৰ সাহিত্যসভা ভৱনৰ ভোটকেন্দ্ৰত  ভোটাধিকাৰ সাব্যস্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভোটকেন্দ্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ সকলো প্ৰাৰ্থীয়ে জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে ।

লগতে, ভোটদানৰ উদ্দেশ্যেৰে বৃহৎ সংখ্যক ৰাইজ ওলাই অহাৰ বাবে এয়া শুভ লক্ষণ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । টুইটযুগে যুৱ প্ৰজন্মক ভোটদানৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত ১২খন জিলাৰ ৪৭ টা সমষ্টিত প্ৰায় ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ভোটদান কৰিব । এই নিৰ্বাচনত ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব দুই মে’ত ।

Exit mobile version