দিনটোৰ ৰাশিফল

1604999703blobid0 8
মেষঃ প্ৰেমত আনন্দ । মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব । সাহস আৰু দক্ষতা সমভাৱে লাভ কৰিব উপকৃত হ’ল । কৰ্মস্থানত আনন্দ ।
বৃষঃ পত্নী সুখ । বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব । বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক । মাতৃৰ শৰীৰ চিন্তা । আৰ্থিকত ব্যয় বৃদ্ধি পাব । ব্যৱসায়ত মধ্যম ।
মিথুনঃ সময়ৰ নাটনি । মধ্যম দিন হ’লেও কৰ্মস্থানত ভালেই দেখিব । আৰ্থিকতো বেয়া নহ’ব । দায়িত্বপূৰ্ণ কাৰ্যত মাংগলিক কৃতকাৰ্য হোৱাৰ সম্ভাৱনা । বিদ্যাত শুভ ফল । শৰীৰ মধ্যম ।
কৰ্কটঃ কৰ্ম ব্যস্ততা । সহযোগীৰ সহায়ত উৎসাহ পাব । প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব । কৰ্মস্থানত আয় বৃদ্ধি কাৰক । নতুন কোনো উদ্দেশ্যত সফল হ’ব ।
সিংহঃ ৰাইজৰ লগত অতিৰিক্ত খৰচ । আচৰিত কথাৰ সম্ভেদ পাব । আৰ্থিকতো কিছু কষ্ট শৰীৰ সম্পৰ্কে উদাস নহ’ব । বিদ্যাত বেয়া বোলা নাযায় । ভ্ৰমণত অলপ সাৱধান থাকক ।
কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতৰ্ক থকাটো উচিত হ’ব । প্ৰেমপ্ৰীতিত উদাস চিন্তা । পঢ়াত মধ্যম ।
তুলাঃ শৰীৰ পূৰ্বৰ তুলনাত আশাপ্ৰদ । আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব । উচ্চ বিদ্যাত সাফল্য লাভ । আৰ্থিক, আয়ু বৃদ্ধি পাব । কোনো প্ৰিয় লোকৰ যোগাযোগত আনন্দ ।
বৃশ্চিকঃ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব ‌। কৰ্মস্থানত উন্নত আশা নকৰাই ভাল । পঢ়াত মনোনিবেশ কৰিব ।
ধনুঃ দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব । শৰীৰৰ প্ৰতি আওকাণ নকৰিব । কৰ্মত খ্যাতি বুদ্ধিৰ যোগ ।
মকৰঃ কৰ্মত মজলীয়া প্ৰভাৱ পৰিব । নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব । বিদ্যাত ধৈৰ্য ধৰক । পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায় । ভ্ৰমণত দ্ৰব্য লাভ কৰিব । ব্যৱসায়ত আশাপ্ৰদ উন্নতিৰ যোগ ।
কুম্ভঃ নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক । কৰ্মত দক্ষতা থাকিব । ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায় । পঢ়া-শুনাত শুভ ।
মীনঃ যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ । আৰ্থিকত ব্যয় বৃদ্ধি পাব । কোনো দূৰ বাৰ্তাত আনন্দ লাভ, বেংক কৰ্মচাৰীৰ শুভ । কোনো কাৰণত মন চঞ্চল থাকিব । প্ৰেমত শুভ ।
Exit mobile version