নিষ্ক্ৰিয় বা বন্ধ কৰাৰ বাহিৰে উপায় নাই, এয়াৰ ইণ্ডিয়াক লৈ সিদ্ধান্ত কেন্দ্ৰৰ

Air India Boeing 787 8 Dreamliner VT ANL 3 25 19 William Derrickson scaled 1

সম্পূৰ্ণ নিষ্ক্ৰিয় বা বন্ধ কৰিব লাগিব এয়াৰ ইণ্ডিয়াক । অংশীদাৰীটো নচলিব এয়াৰ ইণ্ডিয়া । এই সন্দৰ্ভত নিজৰ সিদ্ধান্ত জনালে কেন্দ্ৰই । ইতিমধ্যে নিলামৰ বাবে ৰখা হৈছে এয়াৰ ইণ্ডিয়াক । আগ্ৰহী ক্ৰেতাসকলৰ বাবে ৬৪ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰই । এই সময়সীমাৰ ভিতৰতে নিবিদা জমা দিব লাগিব । ইতিমধ্যে বহুকেইখন সংস্থাই এয়াৰ ইণ্ডিয়া ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।

আজি এয়াৰ ইণ্ডিয়াৰ এশ শতাংশ শ্বেয়াৰ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় কেন্দ্ৰই । অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী হৰদ্বিপ পুৰিয়ে কয়, ‘আমি এয়াৰ ইণ্ডিয়াৰ এশ শতাংশ নিষ্ক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । এতিয়াও নিশ্চিত হোৱা নাই নিষ্ক্ৰিয় কৰা হ’ব নে সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব । এয়াৰ ইণ্ডিয়া প্ৰথম শাৰীৰ সম্পদ, এই সন্দৰ্ভত কোনো সন্দেহ নাই । কিন্তু, বজাৰত প্ৰায় ৬০ হেজাৰ কোটি টকাৰ ঋণ আছে । এই ঋণৰ পৰা আমি মুক্ত হ’বই লাগিব । এয়াৰ ইণ্ডিয়া এইবাৰ কোনো নতুন সংস্থাৰ হাতত যোৱা উচিত ।’

দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ অৱস্থা সূচনীয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বেচৰকাৰী সংস্থাৰ হাতলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই । ২০১৮ত সংস্থাৰ ৭৬ শতাংশ অংশীদাৰী বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । জনোৱা হয়, সংস্থাৰ মেনেজমেন্টৰ নিয়ন্ত্ৰণো আঁতৰ কৰি দিয়া হ’ব ।

ইয়াৰ পাছতো কোনো ক্ৰেতাই এয়াৰ ইণ্ডিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাছিল । ফেব্ৰুৱাৰীত সংসদত বাজেট অধিবেশনত এয়াৰ ইণ্ডিয়াৰ আৰ্থিক পুৰ্ণগঠনত দুহেজাৰ ২৬৮ কোটি টকা আৱন্তন কৰে কেন্দ্ৰই । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনায় যে, আগন্তুক অৰ্থবৰ্ষৰ ভিতৰতে এয়াৰ ইণ্ডিয়া আৰু হেলিকপ্টাৰ পৰিসেৱা সংস্থা ‘পৱনহংস’ৰ নিষ্ক্ৰিয় প্ৰক্ৰিয়া সমাপ্ত হৈ যাব ।

Exit mobile version