প্ৰতিষেধক গ্ৰহণ কৰাৰ কেইসপ্তাহমানৰ ভিতৰতে ক’ভিড আক্ৰান্ত পৰেশ ৰাৱল

793141 paresh rawal

ক’ভিড আক্ৰান্ত বৰ্ষীয়ান অভিনেতা পৰেশ ৰাৱল । শুকুৰবাৰে নিশা টুইট কৰি এই কথা সদৰী কৰে অভিনেতাজনে । কেই সপ্তাহমান পূৰ্বেই অভিনেতাজনে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰে ।

ন মাৰ্চত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ যোৱা নিজৰ এখন ছবি প’ষ্ট কৰিছিল লোকসভাৰ প্ৰাক্তন বিজেপি সাংসদজনে । কেপছনত লিখিছিল, ‘ভি ফৰ। ভেক্সিন ।’ তেওঁ দেশৰ স্বাস্থ্যকৰ্মী, ক’ভিড যোদ্ধাসকলৰ লগতে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনায় সেই প’ষ্টতেই ।

শুকুৰবাৰে নিশা নিজৰ স্বাস্থ্য সন্দৰ্ভত অভিনেতা পৰেশে টুইট কৰে, ‘দুৰ্ভাগ্যবশতঃ ক’ভিড আক্ৰান্ত হৈছো । বিগত ১০ দিনত যিসকলে মোৰ সংস্পৰ্শত আহিছে, তেওঁলোকক ক’ভিড পৰীক্ষণ কৰিবলৈ অনুৰোধ জনালো ।’

Exit mobile version